চন্দ্ৰত ‘৪-জি’ সেৱা ঃ যৌথ ভাৱে আগবাঢ়িছে নাছা-ন’কিয়াই

NASA

এইবাৰ চন্দ্ৰতাে ৪-জি’ সেৱা লাভ কৰাটো সম্ভৱ হ’ব। কথাটো শুনিবলৈ অসম্ভৱ যেন লাগিলেও এই অসম্ভৱকেই সম্ভৱ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই। এই প্রত্যাহ্বানক গ্ৰহণ কৰিবলৈ নাছাই সহযােগকাৰী হিচাপে ল’ব ‘নকিয়া’ক । ম’বাইল ফোন নির্মাতা বিশ্বৰ প্রখ্যাত প্রতিষ্ঠান নকিয়াৰ ‘বেল লেবছ’ৰ গৱেষণাকাৰী দলৰ স’তে নাছাই ইতিমধ্যে এই সন্দৰ্ভত চুক্তি আবদ্ধ হৈছে । নকিয়াৰ এই গৱেষণাগাৰত চন্দ্ৰত ‘৪-জি এল টি ই’ সেৱা আগবঢ়াব পৰাকৈ সকলাে প্রয়ােজনীয় কাম-কাজ কৰা হ’ব । সমগ্র প্রকল্পটোৰ বাবে ব্যয় হ’ব ৩৭০ নিযুত মার্কিন ডলাৰ। এই ধনৰাশিৰ ভিতৰত নাছাই দিব ১৪.১ নিযুত মার্কিন ডলাৰ ।

নাছা তথা বেল লেবছৰ পৰা ইতিমধ্যে এই অভিলাষী প্রকল্পৰ কথা সদৰী কৰা হৈছে । টুইট কৰিছে দুয়ােটা সংস্থাৰ পৰা । বেল লেবছে এক বিবৃতিত কয়, ‘চন্দ্ৰত ‘৪-জি এল টি ই’  সেৱা দিব পৰাকৈ নাছাৰ স’তে আমাৰ সংস্থাই একেলগে কাম কৰিব। চন্দ্ৰৰ  মাটিত মানুহৰ বসবাসৰ উপযুক্ত পৰিৱেশ গঢ়ি তােলাত এই প্রচেষ্টাই সহায় কৰিব। প্রথমে নাছাৰ সহায়ত নকিয়াই ‘৪-জি’ সেৱা  আৰম্ভ কৰিব যদিও পাছলৈ এই সেৱা ‘৫-জি’ লৈ উন্নীত কৰা হ’ব। বিভিন্ন মহলে আকৌ প্রশ্ন কৰিছে চন্দ্ৰত এতিয়াই ‘৫-জি’ সেৱা আৰম্ভ কৰাৰ কথা কিয় বিবেচনা কৰা নহ’ল। বিশেষজ্ঞসকলৰ মতে পৃথিৱীত এতিয়াও সকলাে দেশতে ‘৫-জি’ সেৱা আৰম্ভ হােৱা নাই। ফলত চন্দ্ৰত এই সেৱা কিমান দূৰ কার্যক্ষম হ’ব তাক লৈ সংশয়ৰ সৃষ্টি হৈছে ।

তদুপৰি ৪-জি’ সেৱা বর্তমানে বিশ্বাসযােগ্য হৈ আছে। সেয়েহে নাছাই বর্তমান সময়ত চন্দ্ৰত ‘৪-জি’ সেৱাই আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰে। অৱশ্যে এনে প্রচেষ্টা এয়াই প্রথম নহয়। ২০১৮তাে চন্দ্ৰত ‘৪-জী’ সেৱা আৰম্ভ কৰিবলৈ যৌথভাৱে আগবাঢ়িছিল‘ভােডাফোন, ন’কিয়া তথা জার্মান গাড়ী নির্মাতা কোম্পানী ‘অডি’য়ে। চন্দ্ৰত উপনিবেশ গঢ়িবলৈকো পৰিকল্পনা কৰিছে মার্কিন যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই। একমাত্র চন্দ্রতে সীমাবদ্ধ নাথাকি মানুহে এতিয়া মঙল গ্রহলৈকো দৃষ্টি নিক্ষেপ কৰিছে। অহা ২০ বছৰৰ ভিতৰত ৰঙা গ্ৰহটোত মানুহে খােজ পেলাব পাৰিব বুলি মহাকাশচাৰীসকলে দাবী কৰিছে।

Exit mobile version