পুনৰ জম্মু কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণঃ এগৰাকী জোৱান আহত

WhatsApp Image 2020 10 18 at 8.32.36 PM

পুনৰ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত চি আৰ পি এফ আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন চি আৰ পি এফ আহত হয়। চি আৰ পি এফৰ এটা্ গোটৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা গ্ৰেণেড আক্ৰমণত এগৰাকী চি আৰ পি এফৰ জোৱান আঘাতপ্ৰাপ্ত হয়।

এই আক্ৰমণত আহত হোৱা চি আৰ পি এফৰ জোৱান গৰাকীক পুলৱামা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জনিব পৰা গৈছে।

আনহাতে সন্ত্ৰাসবাদীৰ দলটো পূৰ্বৰে পৰা অঞ্চলটোত খাপ পিটি আছিল ৷ইয়াৰ পাছতে নিৰাপত্তাত নিয়োজিত চি আৰ পি এফ দলটোৰ ওপৰত এই আক্ৰমণ চলায় বুলি সদৰী কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, জম্মু কাশ্মীৰত হোৱা সেনা সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষ এইয়াই প্ৰথম নহয়। বিগত মাহতো কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছিল ৷সেই আক্ৰমণত এগৰাকী চি আৰ পি এফৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

Exit mobile version