প্ৰবাসী মাতৃক চিত্ৰিত কৰিছে কলকাতাৰ বেহেলাৰ বাৰিষা ক্লাবৰ দূৰ্গা মূৰ্তিয়ে

WhatsApp Image 2020 10 18 at 8.39.44 PM

কৰ’নাৰ মাজতে আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা ৷ইয়াৰ মাজতে কলকাতাৰ বেহেলাৰ বাৰিষাৰ ক্লাবত দেখা গৈছে ব্যাপক প্ৰস্তুতি ৷কাৰণ ক্লাবৰ দুৰ্গা মা মূৰ্তিয়ে প্ৰতিফলিত কৰিছে সাম্প্ৰতিক সময়ত এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কৰা সংঘৰ্ষ ।লগতে কোলাত কেচুঁৱা লোৱা মূৰ্তিটোৱে যেন সাম্প্ৰতিক সময়ৰ সকলো চিত্ৰ চিত্ৰিত কৰিছে ৷

পল্লৱ ভৌমিকৰ দ্বাৰা নিৰ্মিত এই মূৰ্তিটোৱে কৰ’নাৰ মহামাৰীৰ সময়ত বহিঃৰাজ্যত আৱদ্ধ লোকসকলক প্ৰতিনিধিত্ব কৰিছে। কাৰণ কৰ’নাক প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ সময়ত বহিঃৰাজ্যত কৰ্মৰত লোকসকলৰ দুখ দুৰ্দশাৰ অৱস্থা নোহোৱা হৈছিল। এই লোকসকলৰ বহুতেই হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি নিজ গৃহত উপস্থিত হৈছিল।

চলিত বৰ্ষত কলকাতাৰ বাৰিষা ক্লাবে দেখুৱাব বিচাৰিছে যে কেনেকৈ দেৱী দুৰ্গাই সকলো মানুহৰ মাজত নিজৰ অস্তিত্ব বৰ্তাই ৰাখে ।কেনেকৈ মা দুৰ্গাই ভক্তসকলক নিজৰ সন্তানৰ দৰে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে ৷

বাৰিষা ক্লাবৰ সেই মূৰ্তিটোক কোনো অলংকাৰ পৰিধান কৰা নাই ।লগতে হাতত কোনো অস্ত্ৰও নাই ।চলিত বৰ্ষত দেৱীয়ে কেৱল ভোকাতুৰ জনসাধাৰণৰ কাৰণেহে হাতত অস্ত্ৰ তুলি লৈছে।

তলাবন্ধৰ সময়ত সচৰাচৰ দেখা সাধাৰণ এগৰাকী গাঁৱলীয়া মহিলাক প্ৰতিনিধিত্ব কৰিছে মূৰ্তিটোৱে। মূৰ্তিটোৰ জৰিয়তে পল্লৱ ভৌমিকে দেখুৱাব বিছাৰি যে দেখাত সাধাৰণ যেন লাগিলেও এগৰাকী মহিলাক সন্তানৰ কাৰণে কৰিব পৰা সকলো ধৰণৰ ক্ষমতা হাতৰ মুঠিতে থাকে।

আনহাতে এই মা দুৰ্গাৰ মূৰ্তিটোৰ পৰিকল্পনা কৰা ৰিন্টু দাস কয় “যেতিয়াই মই তলাবন্ধৰ সময়ত টি ভি চাইছিলো, মই প্ৰত্যক্ষ কৰিছিলো যে হাজাৰ হাজাৰ বৰ্হিৰাজ্যত কৰ্মৰত লোক একো নোখোৱাকৈ খোজকাঢ়ি নিজ গৃহলৈ যাত্ৰা কৰিছিল । আৰু মই এই দৃশ্যটোকে জীৱন্ত কৰিব বিচাৰো।মই যিমান পাৰো মোৰ দুৰ্গা মূৰ্তিটোক জীৱন্ত কৰিব বিচাৰো ৷”

 

Exit mobile version