যদি মই পৰাজয় হওঁ,তেন্তে আমেৰিকা এৰিব লগা হ’ব পাৰেঃড’নাল্ড ট্ৰাম্প

WhatsApp Image 2020 10 18 at 5.40.57 PM

কৰ’নাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাইছে ৷ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপ্লাব্লিকান দলে নিৰ্বাচনী যুঁজ শক্তিশালী কৰিবলৈ বিভিন্ন কাৰ্য ব্যৱস্থা হাতত লৈছে ।ইয়াৰ মাজতে ট্ৰাম্পে সমৰ্থকসকলক কয় যে যদি তেওঁ নিৰ্বাচনত পৰাজয় হয় , তেন্তে আমেৰিকা এৰিব লগা হ’ব পাৰে।

ট্ৰাম্পৰ মন্তব্য ” যদি ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বাইডেন জয়ী হয় তেন্তে বাইডেনে আমেৰিকাক কমিউনিষ্ট দেশলৈ ৰূপান্তৰিত কৰিব ৷দেশত অপৰাধীৰ সংখ্যা বৃদ্ধি পাব ৷ট্ৰাম্পৰ মতে”বাইডেনৰ পৰিয়ালটো বিভিন্ন অপৰাধৰ লগত জড়িত।

ট্ৰাম্পে লগতে আমেৰিকাৰ ডেম’ক্ৰেটিক সাংসদ ইল্হান ওমৰক কটাক্ষ কৰি কয় “ইল্হান ওমৰে ঘৃণা কৰে আমেৰিকাক। তেওঁ কোনো চৰকাৰ নোহোৱা এখন দেশৰ পৰা আহিছে ৷”

ইফালে কিছুদিন পূৰ্বে ডেম’ক্ৰেট নেতা জ’ বাইডেনে এক নিৰ্বাচনী ৰেলীত কৰ’না প্ৰতিৰোধ কৰাত ট্ৰাম্পৰ বিফলতা সন্দেৰ্ভত মন্তব্য কৰিছিল ৷বাইডেনে কয় ” ট্ৰাম্পে কৈছিল “তাৎক্ষণিকভাৱে কৰ’না নোহোৱা হ’ব ৷কিন্তু এতিয়া আমেৰিকাত কৰ’নাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ৷”

Exit mobile version