অসমৰ চিকিৎসকৰ পৰা প্ৰশংসাত পঞ্চমুখ বলিউডৰ অভিনেতা ঋত্বিক ৰোশন

WhatsApp Image 2020 10 19 at 7.27.32 PM

যেন ঋত্বিক ৰোশন ৷ নিখুঁত ষ্টেপ, অসাধাৰণ ফিটনেছ । ঋত্বিক ৰোশনে যেন পিপিই কিট পিন্ধি নাচিছে। কিন্তু এই লোকজন আপুনি আৰু মই ভবাৰ দৰে বলিউডৰ ঋত্বিক ৰোশন নহয় । তেওঁ প্ৰকৃততে শিলচৰ মেডিকেল কলেজৰ চিকিৎসক ডাঃ অৰূপ সেনাপতি ।

ডাঃ অৰূপ সেনাপতি ই এন টিৰ ছাৰ্জন । ক’ভিড ৰোগীসকলৰ মন ভাল লগাবলৈ নৃত্য কৰা ডাঃ সেনাপতি সম্প্ৰতি কোনো বলিউডৰ চেলিব্ৰিটিতকৈ কোনো গুণে কম নহয়।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ডা° সেনাপতিৰ ভিডিঅ’টি প্ৰত্যক্ষ কৰিছে বলীউডৰ অভিনেতা ঋত্বিক ৰোশনে ৷ ঋত্বিকে নৃত্য শিকিব বিচাৰে ডাঃ সেনাপতিৰ পৰা ৷

উল্লেখযোগ্য যে কৰ’না মহামাৰীৰ সময়ত জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰত্যেকজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ নিজৰ লগতে ৰোগীসকলক মনোৰঞ্জন দি আহিছে । আমি ইতিমধ্যে বহু কৰ’না যোদ্ধাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰত্যক্ষ কৰিছো ৷ ইয়াৰ ভিতৰত ডাঃ অৰূপ সেনাপতিৰ এই ভিডিঅ’টিয়ে বিশেষ চৰ্চা লাভ কৰিছে।

Exit mobile version