অসম মিজোৰাম সীমান্ত সন্দৰ্ভত নৰেন্দ্ৰ মোডীৰ স’তে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

WhatsApp Image 2020 10 19 at 5.50.50 PM

অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেলিফোনযোগে সবিশেষ অৱগত কৰে। সীমান্তত উদ্ভৱ হোৱা আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্ৰী মোডীক অৱগত কৰে।

আনহাতে মোডীয়েও দুয়োখন ৰাজ্যৰ মাজত সুস্থিৰ পৰিবেশ বৰ্তাবলৈ যাৱতীয় সকলো ব্যৱস্থা ল’ব বুলি আশ্বাস প্ৰদান কৰে৷উল্লেখ্য যে প্রধানমন্ত্ৰীৰ সৈতে আজি টেলিফোনিক বাৰ্তালাপৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও টেলিফোনযোগে বাৰ্তালাপ কৰি কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী সোণোৱালক আশ্বাস প্রদান কৰে।ইপিনে দেওবাৰে মুখ্যমন্ত্ৰী সোনোৱালে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ লগতে মত দুয়োখন ৰাজ্যৰ সীমান্তৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় ।

ইয়াৰ পাছতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এক টুইট যোগে দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ দিশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোৱা ইতিবাচক পদক্ষেপক আদৰণি জনাইছে।

Exit mobile version