আগন্তুক দুৰ্গাপূজা উপলক্ষে কলকাতা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা

WhatsApp Image 2020 10 19 at 5.27.58 PM

কৰ’না মহামাৰীৰ মাজতে মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে সমগ্ৰ দেশবাসী ৷দুৰ্গাপূজা বুলি ক’লেই মনলৈ আহে কলকাতাৰ জাকজমকতা।কিন্তু এইবাৰ কৰ’নাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে কলকাতাত দেখিবলৈ পোৱা গৈছে পৃথক পৰিবেশ।

কাৰণ আজি কলকাতা উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি কলকাতাৰ দুৰ্গাপূজাৰ পেণ্ডেল দৰ্শনাৰ্থীৰ কাৰণে হ’ব” ন’ এন্ট্ৰী জ’ন”৷

ন্যায়ালয়ে লগতে কয় যে দুৰ্গা পূজা পেণ্ডেলৰ ভিতৰত কেৱল আয়োজকসকলহে থাকিব পাৰিব ।দুৰ্গাপূজাৰ পেণ্ডেলসমূহৰ আকাৰ ডাঙৰ হ’লে ২৫ জন লোক আৰু সৰু হ’লে ১৫ জন লোকহে উপস্থিত থাকিব পাৰিব।

ন্যায়ালয়ৰ মত অনুসৰি প্ৰত্যেক পূজা পেণ্ডেলত ১০ মিটাৰ অন্তৰে অন্তৰে বেৰিকেট লগোৱা হ’ব। ৷কিন্তু সৰু পেণ্ডেলসমূহত পাঁচ মিটাৰ দূৰত্বত বেৰিকেড লগাব পাৰিব ৷

ন্যায়ালয়ে ভক্তৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি সচেতনতা অৱলম্বন কৰি কয় যে কলকাতাৰ প্ৰায় ৩০০০ পেণ্ডেলৰ পূজাত সমাবেত হোৱা ভক্তক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ অভাৱ।

Exit mobile version