ভাৰতীয় আমেৰিকান এগৰাকী কিশোৰীয়ে কৰ’না ভাইৰাছৰ চিকিৎসাৰ গৱেষণাৰ বাবে ২৫ হেজাৰ ডলাৰ পুৰষ্কাৰ লাভ কৰিছে। টেক্সাচৰ ১৪ বছৰীয়া কিশোৰী অনিকা চেব্ৰোলে ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে কাম কৰাৰ বাবে 2020 3M Young Scientist Challenge ত জয়ী হয় ।
ছাত্ৰী গৰাকীয়ে এক অণু তৈয়াৰ কৰিছে , যিয়ে কৰ’না ভাইৰাছক এক নিৰ্দিষ্ট প্ৰটেইনত বান্ধিব পাৰে আৰু ক্ৰিয়া কৰাত বাধা দিব পাৰে। অনিকাই সকলো সময়তে কৰ’না ভাইৰাছক লক্ষ্য হিচাপে নলয় । যেতিয়া গৱেষণাৰ কাম আৰম্ভ কৰিছিল, সেইসময়ত বিভিন্ন সময়ত হোৱা ফ্লুৰ বিৰুদ্ধে কেনেদৰে যুঁজ দিব পাৰে সেই সম্পৰ্কত গৱেষণা কৰিছিল।
অতিমাৰীৰ সংক্ৰমণ ভয়াবহ হোৱাৰ সময়তে অংকিতাৰ পৰিকল্পনা সলনি হয় । ভয়াবহ সংক্রামক ভাইৰাছবিধৰ বিৰুদ্ধে প্ৰয়োজনীয় প্রতিষেধক তৈয়াৰৰ প্ৰস্তুতি চলোৱা ১৪ বছৰীয়া অনিকাই ব্যৱহাৰ কৰে বিভিন্ন কম্পিউটাৰ প্ৰগ্ৰেম, যাতে তাৰ পৰা অণুটোক SARS-Cov-2 ৰ স’তে কেনেদৰে সংযোগ কৰিব সেই সম্পৰ্কত জানিব পাৰে ।
ভৱিষ্যতে এগৰাকী মেডিকেলৰ গৱেষক আৰু প্ৰফেছৰ হোৱাৰ ইচ্ছা থকা অনিকাই কয় যে, তাইৰ ককাকে এই ক্ষেত্ৰত অধিক উৎসাহিত কৰিছিল ।