দেশ সেৱাৰ লগতে অনলাইন ক্লাচৰ পৰা বঞ্চিত দৰিদ্ৰ শিশুক শিক্ষাদান কৰিছে দিল্লীৰ কনিষ্টবলে

Eklv8chU8AAYYvi

দেশত কৰ’না ভাইৰাছৰ কাৰণে দিয়া লকডাউনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত যথেষ্ট প্ৰভাৱ পৰিছে । আনলকৰ সময়ত সম্প্ৰতি বিদ্যালয়সমূহ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে । লগতে অনলাইন ক্লাচসমূহো বাহল কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে । অৱশ্যে, স্মাৰ্টফ’ন, কম্পিউটাৰ আৰু ইন্টাৰনেটসমূহ উপলব্ধ নোহোৱাৰ কাৰণে এক বৃহৎ সংখ্যক দৰিদ্ৰলোকৰ শিশু অনলাইন ক্লাছৰ পৰা বঞ্চিত হৈ আছে। তেনে সময়তে বিভিন্ন লোকে এনে শিশুসমূহক পঢ়াবলৈ বিভিন্ন লোক আগবাঢ়ি আহিছে ।

ইয়াৰ মাজতে দিল্লী পুলিচৰ এজন কনিষ্টবল ধ্যান সিঙেও অনলাইন ক্লাছৰ পৰা বঞ্চিত শিশুসকলক পঢ়াবলৈ আৰম্ভ কৰিছে । সম্প্ৰতি দিল্লীৰ লালকিল্লাৰ সমীপত সাই মন্দিৰত এই দ্ৰৰিদ্ৰ শিশুসকলৰ ক্লাচ হৈ আছে । লকডাউনৰ কাৰণে থান সিঙে দৰিদ্ৰ শিশুসকলক পঢ়াবলৈ এৰি দিছিল ৷ কিন্তু দৰিদ্ৰ পৰিয়ালৰ শিশুসকলৰ অনলাইন ক্লাচৰ কাৰণে মোবাইল নথকাৰ কাৰণে ধ্যান সিঙে পুনৰ তেওঁলোকক পঢ়াবলৈ আৰম্ভ কৰে ৷

থান সিঙৰ মন্তব্য “স্বাস্থ্য মন্ত্ৰণালয়ৰ সকলো ক’ভিড প্ৰট’কল মানি শিশুসকলক পঢ়োৱা হৈছে । লগতে শিশুসকলক মাস্ক আৰু ছেনিটাইজাৰৰ যোগান ধৰা হৈছে । আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটো গুৰুত্ব আৰোপ কৰা হৈছে ।” সম্প্ৰতি থান সিঙৰ পদক্ষেপক সকলোৱে শলাগ লৈছে ।

Exit mobile version