দেৰগাঁৱত ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনৱ প্ৰতিবাদ

dibya 2

দেৰগাঁৱস্থিত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰবেশ দ্বাৰত আজি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । সুদুৰ মৰিয়নিৰ পৰা ২ঘন্টা বিশ মিনিট চাইকেল চলাই আহি দেৰগাঁৱত উপস্থিত হোৱা বিধায়কজনে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ মূল পথত ধূপ দ্বীপ, নৈবদ্যৰে নেদেখা জনৰ চৰণত সেৱা আগবঢ়ায় । শেহতীয়াকৈ এই আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰটোত সংঘটিত ৰাজ্য কপোৱা মহিলা আৰক্ষী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰি ৰক্ষকেই ভক্ষক হোৱা এনে ঘটনা যাতে ভৱিষ্যতে পুনৰাবিত্তি নহয় তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনায় ।

দেৰগাঁৱৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীয়েও সংগ দিয়া কাৰ্যসূচী ৰূপায়ণ কৰি তেঁও শাসকীয় চৰকাৰখনৰ দিনত আইন শৃংখলা পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ পৰা নিবনুৱা সমস্যা, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, চাহ শ্ৰমিকৰ প্ৰাপ্ত মজুৰীৰ সমস্যাকে ধৰি অনেক সমস্যাই মূৰ ডাঙি উঠিছে বুলি মন্তব্য কৰে ।

উল্লেখযোগ্য যে এ পি টি চিৰ চি ডি আই বচ্চন সিঙে কাৰ্যালয়তে এগৰাকী মহিলা বন আৰক্ষীক ধৰ্ষণ কৰি কেন্দ্ৰটোলৈ অপযশ নমাই আনে । ইপিনে ধৃত বচন সিঙৰ কণিষ্ঠ পুত্ৰই ধৰ্ষিতা গৰাকীক বহুদিনৰ পৰা অশালীন ইংগিত দি অহা বুলি এজাহাৰত উল্লেখ থকাৰ পাছতো এইজন অভিযুক্তক আৰক্ষীয়ে এই পর্যন্ত গ্ৰেপ্তাৰ নকৰাটো উল্লেখনীয় আৰু এই সন্দৰ্ভত অনতিপলমে গ্ৰেপ্তাৰৰ দাবী জনায় ।

Exit mobile version