বকোৰ‌ বন্দাপাৰাত‌ ভয়াবহ‌ পথ দুৰ্ঘটনা

IMG 20201019 202631

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্দাপাৰা‌ত সন্ধিয়া সংঘটিত এক ভয়াবহ পথ‌ দুৰ্ঘটনাত থিতাতে তিনিজন লোকৰ মৃত্যু হয়। আনহাতে ৯জন যাত্ৰী গুৰুতৰ ভাৱে আহত‌ হয় । বাইক আৰোহীৰে যাত্ৰীবাহী ট্ৰেভেলাৰৰ সংঘৰ্ষত তিনিজন লোকৰ‌ থিতাতে মৃত্যু হয় । আঘাতপ্ৰাপ্ত হয় প্ৰায় ৯জন যাত্ৰী। বাইক আৰোহী যুৱকদ্বয়ৰ লগতে ট্ৰেভেলাৰৰ যাত্ৰী এজন নিহত হয়। নিহত কেইজনৰ দুজন হৈছে অজয় ৰাভা(২২), উদ্ধৱ চৌধুৰী(৪৮) ।

বাইক-ট্ৰেভেলাৰৰ সংঘৰ্ষৰ পিছতে ট্ৰেভেলাৰখন বাগৰি পৰে পথৰ দাঁতিত। ইয়াৰ ফলত ট্ৰেভেলাৰত বহুসময় আৱদ্ধ হৈ থাকে এটা মৃতদেহ । দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰখনৰ নম্বৰ AS01 EC 0705। এই পৰ্যন্ত বাইকখনৰ নম্বৰ লাভ কৰা নাই । আনহাতে, ঘটনাস্থলীত বকো আৰক্ষী হোৱাৰ পিছতে নিহত আৰু আহত কেইজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।

প্ৰাপ্ত তথ্য মতে, ট্ৰেভেলাৰখন নগৰবেৰাৰ চিমিলিতলালৈ যোৱাৰ পথত আছিল । নিহত অজয় ৰাভাৰ ঘৰ বকোৰ বন্দাপাৰাত আৰু ধূপধৰাত চাৰ্ভিচিং চেণ্টাৰত কৰ্মৰত আছিল। কৰ্তব্য সমাপন কৰি‌ নিজ গৃহলৈ মটৰ চাইকেলেৰে উভতি যোৱা পথতে দুৰ্ঘটনাত‌ নিহত হয় অজয় ।

আনহাতে উদ্ধৱ চৌধুৰীৰ ঘৰ নগৰবেৰাৰ পথালিপাৰাত। নিহত উদ্ধৱ চৌধুৰী নগৰবেৰা চক্ৰত বিষয়া কাৰ্যালয়ত মণ্ডল হিচাপে কৰ্মৰত আছিল ।

Exit mobile version