বাইডেন চীনৰ প্ৰতি নৰম হ’ব পাৰে,ভৱিষ্যতে শংকা বাঢ়িব পাৰে ভাৰতৰঃজুনিয়ৰ ট্ৰাম্প

145164 bjrkjnsesk 1595951577

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল ট্ৰাম্পৰ পুত্ৰই ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জ’ বাইডেনক সমালোচনা কৰি কয় যে বাইডেন ভাৰতৰ কাৰণে উপযুক্ত নহয়। কাৰণ ভৱিষ্যতে বাইডেনে চীনৰ প্ৰতি সহৃদয়তা দেখুৱাব পাৰে।

উল্লেখযোগ্য যে ড’নাল্ড ট্ৰাম্প জুনিয়ৰে ৭৪ বছৰীয়া পিতৃৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযান নেতৃত্ব বহন কৰিছে ৷আমেৰিকাত চলিত বৰ্ষৰ ৩ নবেম্বৰত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। নিউয়ৰ্কত হোৱা এক অনুষ্ঠানত ভাৰতীয় আমেৰিকাৰ সদস্যসকলক ট্ৰাম্প জুনিয়ৰে কয়”আমি চীনৰ ভয়াৱহতাক বুজি পাব লাগিব। আৰু চীনক ভাৰত আৰু আমেৰিকাতকৈ কোনেও ভালদৰে নাজানে। “

আনহাতে জুনিয়ৰ ট্ৰাম্পৰ এখন গ্ৰন্থৰ সফল হোৱাৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা অনুষ্ঠানত জ’ বাইডেনৰ সন্দৰ্ভত বিভিন্ন কৰে জুনিয়ৰ ট্ৰাম্পে। জুনিয়ৰ ট্ৰাম্পৰ এই গ্ৰন্থখনত বাইডেনৰ পুত্ৰৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি কৰা অভিযোগ আছে ৷অৱশ্যে সম্প্ৰতি জ’ বাইডেনে তেওঁৰ বিৰুদ্ধে অনা সকলো অভিযোগ খাৰিজ কৰে৷

Exit mobile version