বিশ্ব স্বাস্থ্য সংস্থাৰ পৰীক্ষাত ব্যৰ্থ হ’ল ৰেমডেছিভিয়াৰ

WhatsApp Image 2020 10 19 at 6.06.22 PM

যোৱা পহিলা মে’ত মাৰ্কিন ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ‘গিলিয়াড চায়েন্সচ’ৰ ‘ভাইৰেল’ প্ৰতিৰোধী ঔষধ ৰেমভেছিয়াৰক জৰুৰী পৰিস্থিতিত ব্যৱহাৰ কৰাত অনুমতি প্ৰদান কৰিছিল আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগ কংট্ৰ’ল এডমেনিষ্ট্ৰেছন’-এ । ইয়াৰ পাছতে ভাৰতকে ধৰি আন কে’বাখনো দেশৰ চৰকাৰে এই ঔষধ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে ।

কিন্তু হুৰ পৰা এই বিষয়ত প্ৰশ্ন উত্থাপন কৰা হয় । হুৰ পৰীক্ষামূলক কাৰ্য হিচাপে বিশ্বৰ ৩০খন দেশৰ ১১হেজাৰৰো অধিক কৰ’না আক্ৰান্তৰ চিকিৎসাত এইবিধ ঔষধ ব্যৱহাৰ কৰা হয় । প্ৰতিবেদন অনুসৰি ৰেমডেছিভিয়াৰ দিয়াৰ ফলত কৰ’না আক্ৰান্তসকলৰ হাস্পতালত থকা দিনৰ কোনো হ্ৰাস হোৱা নাছিল । মৃত্যুক বাধা দিবলৈকো সক্ষম হোৱা নাই ।

অৰ্থাৎ ক’ভিড-১৯ৰ চিকিৎসাত এই ঔষধৰ কাৰ্যকাৰিতা ক’বলৈ গ’লে প্ৰায় শূণ্য।কৰ’নাৰ চিকিৎসাত কোন ঔষধে কেনেদৰে কাম কৰিছে সেই কথা জানিবলৈ হুৰ দ্বাৰা ‘চলিডাৰিটি ট্ৰায়েল’ আৰম্ভ কৰা হৈছিল । ৰেমডেছিভিয়াৰ বাহিৰেও এই পৰীক্ষাত মেলেৰিয়াৰ ঔষধ ‘হাইড্ৰ’ক্সিক্ল’ৰোকুইন’, এইছ আই ভিত ব্যৱহাৰ কৰা হয় ‘ল’পিনাভিয়াৰ’ তথা ‘ইণ্টাৰফেৰন’ক অন্তৰ্ভুক্ত কৰা হৈছিল।

বিশ্বৰ ৩০ খন দেশৰ ১১,২৬৬জন প্ৰাপ্তবয়স্ক ৰোগীৰ ওপৰত এই চাৰিবিধ ঔষধৰ পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হয় । পৰৱৰ্তী ২৮ দিনলৈ পৰ্যবেক্ষণ কৰা হয় । ফলাফল অনুসৰি ৰেমডেছিভিয়াৰৰ কাৰ্যকাৰিতা বুলিবলৈ একো পোৱা নগ’ল । অৱশ্যে ফলাফলৰ পুনৰ্বিবেচনা কৰিবলৈ সিদ্ধান্ত লৈছে হুৱে ।

ৰেমডেছিভিয়াৰ উৎপাদন কৰা গিলিয়াডৰ পৰা অৱশ্যে হুৰ পৰীক্ষা ফলাফলক অসম্পূৰ্ণ বুলি আখ্যা দিয়া হৈছে । এই বিষয়ত হুৰ পৰা দিয়া তথ্য সঠিক নহয় যদিও গিলিয়াডৰ পৰা দাবী কৰা হৈছে ।

নিয়ন্ত্ৰিত পৰীক্ষাত ৰেমডিছিভিয়াৰৰ কাৰ্যকাৰিতা প্ৰমাণিত হোৱাৰ দাবী কৰি গিলিয়াডৰ তৰফৰ পৰা কোৱা হয় যে পৰীক্ষাত ফলাফল বিভিন্ন বাতৰি কাকত-আলোচনীত প্ৰকাশ পাইছে । হুৰ প্ৰতিবেদনক লৈ গিলিয়াড উদ্বিগ্ন । এই বিষয়ত গঠনমূলক বিজ্ঞান ভিত্তিক আলোচনাৰ প্ৰয়োজন আছে ।

Exit mobile version