শীতৰ আগমন-উৎসৱৰ বতৰত বাঢ়িব কৰ’না ?

Coronavirus

শীতৰ আগমন আৰু আগন্তুক উৎসৱৰ বতৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হ’ব পাৰে । এই সময়ত হেমাহি হ’লে পুনৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি চৰকাৰ নিয়োজিত এক পেনেলে ঘোষণা কৰে । এনে পৰিস্থিতিত এমাহতে ২৬ লাখ পৰ্যন্ত হ’ব পাৰে সংক্ৰমিতৰ সংখ্যা। কমিটীয়ে কয় যে দেশৰ জনসংখ্যাৰ ৩০ শতাংশৰ মাজতহে এই পৰ্যন্ত প্ৰতিৰোধ ক্ষমতা গঢ় লৈছে ।

কমিটীয়ে কয় যে সুৰক্ষামূলক ব্যৱস্থা অব্যাহত থাকিব লাগিব । ‘সকলো বিধি মানি চলিলে এই অতিমাৰী আগন্তুক বর্ষৰ আৰম্ভণিতে ৰোধ কৰিব পৰা যাব । এই অতিমাৰীৰ অন্ত পৰালৈ সংক্ৰমিত লোকৰ সংখ্যা হ’ব পাৰে ১০৫ লাখ । বৰ্তমানৰ পৰিসংখ্যা ৭৫ লাখ ।

মাৰ্চত তলাবন্ধ অবিহনে ভাৰতত চলিত আগষ্টত কৰ’নাত মৃত্যুৰ সংখ্যাই ২৫লাখ অতিক্ৰম কৰিলেহেঁতেনে, সম্প্ৰতি এই সংখ্যা ১.১৪লাখ । কমিটীখনৰ মতে এনে কিছু তথ্য আছে য’ত দেখা গৈছে যে বৃহৎ সমাৱেশৰ জৰিয়তে দ্ৰুত সম্প্ৰসাৰিত হয় কৰ’না ।কেৰেলাত ২২আগষ্টৰ পৰা দুই ছেপ্টেম্বৰলৈ অনম আয়োজনৰ পাছত তীব্ৰভাৱে সংক্ৰমণ বৃদ্ধি পায় ।

Exit mobile version