আজি বিয়লি ৬ বজাত দেশবাসীক সম্বোধিত কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

prime minister narendra modi turns 70 birthday wishes pour in from all corners

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিয়লি ৬ বজাত সমগ্ৰ দেশবাসীক সম্বোধন কৰিব। টুইটাৰ যোগে এই সন্দৰ্ভত সদৰী কৰি মোডীয়ে কয় যে”আজি মই বিয়লি ৬ বজাত দেশবাসীক সম্বোধন কৰিম” ৷অৱশ্যে এই সময়ত মোডীয়ে কেনেধৰণৰ বিষয়ক লৈ আলোকপাত কৰিব সেই সন্দৰ্ভত প্ৰকাশ কৰা নাই। কিন্তু দেশত উৎসৱ বতৰৰ পৰিপ্ৰেক্ষিতত কৰ’না অতিমাৰীৰ সন্দৰ্ভত মোডীয়ে দেশবাসীক সম্বোধন কৰিব পাৰে।

আনহাতে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৭৬ লাখৰ ঘৰ অতিক্ৰম কৰিলে ৷দেশত বিগত সময়ত এদিনত প্ৰায় ৫০,০০০ লোক আক্ৰান্ত হৈছে কৰ’নাত ৷বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৪৬,৭৯০ জন ৷ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৫,৯৭,০৬৩ জনলৈ বৃদ্ধি পাইছে।

ইপিনে ছেপ্টেম্বৰৰ মাজভাগত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৯০,০০০ লৈ বৃদ্ধি পাইছিল।

কৰ’না নিয়ন্ত্ৰণত ভাৰতে বহু সফলতা লাভ কৰিছিল ৷ কাৰণ কৰ’নাৰ কাৰণে ভাৰতত বহু আগতেই তলাবন্ধ দিয়া হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত কৰ’নাৰ ভেকচিনৰ কাৰণে ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে।

Exit mobile version