চিৰাঙৰ বিলাসপুৰত পুখুৰীত পৰি ষষ্ট শ্ৰেণীৰ ছাত্ৰী নিহত

Death

 

চিৰাঙৰ বিলাসপুৰত পুখুৰীত পৰি ষষ্ট শ্ৰেণীৰ এগৰাকী ১৩ বছৰীয়া কিশোৰী মৃত্যুৰ পাছত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ ঢালিগাঁও থানাৰ অন্তৰ্গত বিলাসপুৰ মানছুৰীয়া হাই মাদ্ৰাছাৰ চাৰি জনী ছাত্ৰী সমনীয়াৰ সৈতে পুখুৰীত গা ধুবলৈ নামে । কিছু সময়ৰ পিচত বিলাসপুৰ গাঁৱৰ আতাবৰ আলীৰ জীয়ৰী আনজিৰা বেগম নামৰ কিশোৰীগকাকীক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে । লগে লগে এচ ডি আৰ এফ, এনডিআৰ এফে আহি অভিযান চলাই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব‍্যৱস্থা কৰে।

Exit mobile version