দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

nationalherald 2020 07 9bc23150 97b6 437b 9243 72104ed3ddb6 Narendra Modi ians

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিয়লি সম্বোধন কৰে দেশবাসীক।

কৰ’নাৰ বিৰুদ্ধে যুঁজ কৰাৰ পৰা আৰম্ভ কৰি জনতা কাৰ্ফিউ,ভেকচিন সন্দৰ্ভত সকলো বিষয়ত মত প্ৰকাশ মোডীৰ।

মোডীৰ মন্তব্য সাম্প্ৰতিক সময়ত তলাবন্ধ শেষ যদিও ভাইৰাছ শেষ হোৱা নাই ৷কিন্তু দেশৰ পৰিস্থিতিৰ ক্ৰমে স্বাভাৱিক হৈছে।

সম্প্ৰতি দেশত সুস্থ হোৱাৰ হাৰ বৃদ্ধি হৈছে ৷মৃত্যু হোৱাৰ পৰিসংখ্যা হ্ৰাস পাইছে।

দেশৰ চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য বিভাগৰ কৰ্মীসকলে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে। কিন্তু এই সকলোবোৰ মাজত আমি অসাৱধানতা অৱলম্বন কৰিলে নহ’ব ।

সম্প্ৰতি দেশত সময়ৰ লগে লগে আৰ্থিক গতি হ্ৰাস হৈছে। গতানুগতিক জীৱন ধাৰা আৰম্ভ হৈছে ।উৎসৱৰ সময়ত পূৰ্বৰ পৰিস্থিতি ঘূৰি আহিছে ৷

মানৱতাক ৰক্ষা কৰিবৰ কাৰণে যুদ্ধংদেহি ৰূপত কাম আগবাঢ়িছে ৷বহু দেশেই ক্ষিপ্ৰ গতিৰে কাম কৰিছে। আমাৰ দেশৰ বৈজ্ঞানিকসকলে ভেকচিনৰ কাৰণে বহু চেষ্টা কৰি আছে ।ইয়াৰ ভিতৰত বহু ভেকচিনৰ কাম অন্তিম পৰ্যায়ত আছে ৷

ইপিনে মোডীয়ে সকলোকে দুফুট দুৰত্ব বৰ্তাই ৰাখি সময়ে সময়ে হাত ধোৱা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ সকলোকে আহ্বান কৰে ।

Exit mobile version