ভাৰতীয় সেনাৰ হাতত লাডাখত ধৰা পৰা পিএল এৰ ধৃত সেনাক পুনৰ ঘূৰাই পঠিওৱা হ’ব নিজ দেশলৈ

newsinner 20201019104912 1

লাডাখৰ সীমান্তত সংঘাতময় পৰিস্থিতিৰ মাজতে ভাৰতীয় সেনাৰ হাতত সোমবাৰে ধৰা পৰে এজন চীনা সেনা। য’ত মে’ মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ মাজত সামৰিক ক্ষেত্ৰত যুদ্ধৰ পৰিস্থিতিয়ে বিৰাজ কৰি আহিছে । আজি ধৃত চীনা সেনাজনক পুনৰ ঘূৰাই পঠিওৱা হ’ব নিজ দেশলৈ । উল্লেখ্য যে, ধৃত চীনা সেনাজনৰ নাম হৈছে ৱাং ইয়াং লাং। ভাৰতীয় সেনাই  মতে, চীনৰ পিপ’লছ লিবাৰেছন আর্মী (পি এল এ)ৰ কৰ্পৰেল ধৃত লাং ।

আনহাতে, চুণ্ডল মলডো পইণ্টৰ এক বৈঠক স্থানত প্ৰট’কল মানি আৰু আনুষ্ঠানিকতা সমাপ্ত কৰি চীনা বিষয়াৰ সেনাৰ হাতত আজি গতাই দিয়া হ’ব । সূত্ৰত প্রকাশ যে চুমাৰ ডেমচক অঞ্চলৰ পৰা আটক কৰা হৈছিল চীনা সেনাজনক। তদুপৰি তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছিল গুৰুত্বপূৰ্ণ নথি । প্রাথমিক তথ্য অনুসৰি অনিচ্ছাকৃতভাৱে আন্তঃৰাষ্ট্ৰীয় সীমা গৰকি ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল এই ধৃত সেনা জোৱানে।

মনকৰিবলগীয়া যে কিছুদিন পূর্বে অৰুণাচল সীমান্ত অতিক্রমি চীনৰ ভূখণ্ডত প্রৱেশ কৰা পাঁচজন অৰুণাচলী যুৱকক চীনা সেনাই আবদ্ধ কৰি থৈছিল । অৱশেষত বিতর্কৰ অন্তত মােকলাই দিছিল। ধৃত পি এল এৰ সেনা জোৱানক আটক কৰাৰ পাছত অক্সিজেনৰ যােগান দিয়াৰ লগতে খাদ্য আৰু শীত প্ৰতিৰােধী পােছাক দিয়া হৈছে । তদুপৰি চিকিৎসাৰাে ব্যৱস্থা কৰা বুলি জনায় ভাৰতীয় সেনাই ।

আনহাতে নিখোঁজ সেনাৰ সন্ধান বিচাৰি চীনা সেনাই অনুৰােধ জনােৱা বুলি কয় ভাৰতীয় সেনাই । সূত্রত প্রকাশ যে ধৃত সেনাজনে অসামৰিক আৰু সামৰিক নথি কঢ়িয়াইছিল । যােৱা ছেপ্টেম্বৰত পথভ্রষ্ট হােৱা তিনি চীনা নাগৰিকক উদ্ধাৰ কৰি নিৰাপদে প্ৰেৰণ কৰিছিল ভাৰতীয় সেনাই।

Exit mobile version