মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা

acci

মহানগৰীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ফৰেষ্ট স্কুলৰ অসম বন বিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমাবাৰে নিশা এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়।এই পথ দুৰ্ঘটনাটোত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত এগৰাকী যুৱতী থিতাতে নিহত হয় । নিহত যুৱতী গৰাকী ধাৰাপুৰ বৰীপাৰাৰ স্থায়ী বাসিন্দা তথা সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দীনেশ বৈশ্যৰ কন্যা সুমন বৈশ্য (১৭) বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ বিগ বজাৰত কৰ্মৰত সুমন বৈশ্যই কৰ্মস্থলীৰ পৰা নিজৰ স্কুটিৰে ঘৰলৈ গৈ থকাৰ পথত অসম বন বিদ্যালয়ৰ সন্মুখ পোৱাৰ পাছত ৰাস্তা পাৰ হোৱাৰ সময়তে পাছ ফালৰ পৰা আজাৰা অভিমুখী এ এছ ০১ ডি চি ৯৮১৫ নম্বৰৰ মালবাহী ট্ৰাক খনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ মাৰে। ট্ৰাকখনৰ চকা যুৱতীগৰাকীৰ মূৰৰ ওপৰেৰে উঠি গৈ মৃতদেহটো ট্ৰাক খনৰ তলত সোমাই যায় । লগে লগে স্থানীয় লোকে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত যান জঁটৰ লগতে তীব্ৰ উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। জালুকবাৰীৰ পৰা ধাৰাপুৰ চাৰিআলি পৰ্যন্ত সমগ্ৰ পথছোৱাৰ যান বাহানৰ চলাচল বন্ধ হৈ পৰে ।

উত্তেজিত জনতাই দুৰ্ঘটনাটোৰ তদন্ত বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়াৰ ফলত শতাধিক যান বাহান আৱদ্ধ হৈ পৰে । সুমন বৈশ্যৰ মৃতদেহ ট্ৰাক খনৰ সন্মুখত পেলাই থৈ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অৱশেষত গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত ঘটনা স্থলীত উপস্থিত হয় যদিও প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰাত উপায়ন্তৰ হৈ চি আৰ পি এফ বাহিনীৰ জোৱানে লাঠীচার্জ কৰিবলৈ বাধ্য হয় । জানিব পৰা মতে সুমন বৈশ্যৰ মৃতদেহ জালুকবাৰী আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে । যুৱতীগৰাকীৰ মৃত্যুত বৃহত্তৰ ধাৰাপুৰ – গাড়ীগাঁও অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ।

Exit mobile version