হিন্দু প্ৰীতিৰে কা’ৰ জৰিয়তে বিদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰা চৰকাৰে ভূমিপুত্ৰ হিন্দু কোচৰাজবংশীক নাগৰিকত্বৰ নামত হাৰাশাস্তি কৰিছেঃবিশ্বজিত ৰায়

nrc

যি সময়ত চৰকাৰে হিন্দু প্ৰীতি দেখুৱাই নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰি আছে সেই সময়তে ভূমিপুত্ৰ কোচ ৰাজবংশীক বিদেশী সন্দেহত জাননী জাৰি কৰি হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ নামত পুনৰ চিৰাং জিলাৰ পশ্চিম এংকৰবাৰীৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ ৬৮ বছৰীয়া ব্যক্তি সুনীল বৰ্মনক বিদেশী বুলি সন্দেহ কৰি চিৰাঙৰ ধালিগাঁও আৰক্ষীয়ে আৰক্ষী চকীত উপস্থিত হ’বলৈ জাননী দিছে ।

এই কাৰ্যক কোচ ৰাজবংশী জাতীয় মহাসভাই তীব্ৰ গৰিহনা দিয়াৰ লগতে একসপ্তাহৰ ভিতৰত সুনীল বৰ্মনক দিয়া জাননী প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে দাবী জনাইছে ৷ অন্যাথা আন্দোলন গঢ়ি তুলিব বুলি জাতীয় মহাসভাই ভাবুকি দিয়ে ৷ জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, চিৰাং জিলা জাতীয় মহাসভাৰ সভাপতি নিৰ্মল কুঃ ৰায় প্ৰচাৰ সম্পাদক অবিনাশ ৰায়ে আজি সুনীল বৰ্মনৰ ঘৰত উপস্থিত হৈ পৰিয়াল আৰু স্থানীয় ব্যক্তিৰ স’তে কথা পাতে ৷

বিশ্বজিৎ ৰায়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে জাতি, মাটি, ভেটিৰ কথা কোৱাৰ লগতে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ কথা কয়, কেন্দ্ৰীয় চৰকাৰে বিদেশী হিন্দুক ভাৰতীয় নাগৰিকত্বৰ প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনলৈ ৰূপান্তৰিত কৰিলে ৷ কিন্তু কেন্দ্ৰ আৰু অসম চৰকাৰে বিদেশী চিনাক্তকৰণ, বহিস্কাৰ আৰু ভাৰতীয় নাগৰিকক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত দুমুখীয়া নীতি গ্ৰহণ কৰি ভূমিপুত্ৰ কোচ ৰাজবংশীক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কয় জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

বিশ্বজিৎ ৰায়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, স্বাধীন চেতীয়া কোচ ৰাজবংশীসকলে নিজৰ সাৰ্বভৌমত্ব এৰি ১৯৪৯ ত ভাৰতৰ স’তে চামিল হৈছিল ৷ কিন্তু ভাৰত চৰকাৰে কোচ ৰাজবংশীক যথোচিত সন্মান আৰু মৰ্যাদা প্ৰদান নকৰি অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশীসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে ৷

ভাৰত চৰকাৰে যদি কোচ ৰাজবংশীসকলক বোজা বুলি বা বিদেশী বুলি ভাবিছে তেন্তে কমতাপুৰ চুক্তি ভংগ কৰি নতুবা পৃথক কমতাপুৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি কোচ ৰাজবংশীসকলক আত্মমৰ্যাদা আৰু নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰি স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়ক বুলি চৰকাৰক আহ্বান জনায় কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে৷ ইয়াৰ পূৰ্বেও চিৰাং জিলাৰ বিভিন্ন ঠাইত কোচ ৰাজবংশী লোকসকলক বিদেশী সন্দেহত বন্দী শিবিৰত ৰাখিছিল যদিও কোচ ৰাজবংশীকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত বন্দী শিবিৰৰ পৰা মুকলি কৰি দিছিল বুলিও কয় বিশ্বজিত ৰায়ে । মুঠতে নাগৰিকত্বৰ নামত ভুমিপুত্ৰ কোচ ৰাজবংশীসকলক হাৰাশাস্তি কৰা বন্ধ নকৰিলে অতিশীঘ্ৰেই বৃহৎ আন্দোলন গঢ়ি তোলাৰ কথা জনায় কোচ ৰাজবংশী জাতীয় মহা সভাৰ নেতাজনে।

Exit mobile version