ৰাজতন্ত্ৰৰ বিৰুদ্ধে জনবিক্ষোভ ব্যাপক থাইলেণ্ডত

WhatsApp Image 2020 10 20 at 10.57.39 AM

ৰাজতন্ত্রৰ সংস্কাৰ আৰু প্রধানমন্ত্রী প্রযুথ চান অ’ছাৰ পদত্যাগৰ দাবীৰে বিগত কে’বাদিনো ধৰি থাইলেণ্ডৰ ব্যাপক জনবিক্ষোভ অব্যাহত আছে। দেশখনৰ অন্যান্য অঞ্চলৰ লগতে ৰাজধানী বেংককতাে আন্দোলনকাৰীসকলে ৰাজপথত সমবেত হৈ চৰকাৰবিৰােধী প্রতিবাদত অংশ লৈছে । উল্লেখ্য যে থাইলেণ্ড চৰকাৰে দেশজুৰি জৰুৰীকালীন অৱস্থা ঘােষণা কৰাৰ পাছতাে হেজাৰ হেজাৰ প্রতিবাদকাৰীয়ে ৰাজপথত চৰকাৰৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে ।

মূলতঃ ছাত্র সমাজৰ নেতৃত্বত অব্যাহত থকা এই আন্দোলনে প্রযুথ চৰকাৰৰ নিদ্ৰাহৰণ কৰিছে । পৰিস্থিতি জটিল হােৱাৰ প্রতি লক্ষ্য ৰাখি থাইলেণ্ডৰ প্ৰশাসনে ইতিমধ্যে চাৰিটা সংবাদ সংস্থাক বন্ধ কৰি দিছে। বিক্ষোভৰ নেতৃত্বত থকা ফেচবুক পেজো বন্ধ কৰি দিয়া হৈছে। আনকি বিগত পাঁচদিন ধৰি চৰকাৰ বিৰােধী আন্দোলনৰ যিসমূহ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছিল, সেয়া মচি পেলাবলৈকো প্রশাসনে নির্দেশ দিছে ।

যােৱা শুকুৰবাৰেও ৰাজপথত প্রবল বিক্ষোভ দমনৰ বাবে প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল  । আন্দোলনকাৰীলৈ গৰম পানী ছটিয়াই আৰক্ষীয়ে প্রতিবাদ ৰােধৰ অপচেষ্টা চলােৱাৰ অভিযােগে উত্থাপিত হৈছিল । যােৱা শনিবাৰে বেংকৰ মেট্র’ ৰেলসেৱাও প্রতিবাদকাৰীয়ে বন্ধ কৰি দিছিল । থাইলেণ্ডৰ ৰজা ভাজিৰালাংকর্নে ২০১৬ৰ পৰা দেশৰ ক্ষমতাত থাকিলেও বেছিভাগ সময় জার্মানীতে বসবাস কৰি আহিছে । ৰজাৰ বিলাসী জীৱনৰ তথ্যপাতিয়ে থাইলেণ্ডবাসীক চৰম সন্তুষ্ট কৰি তুলিছে ।

তিনিমাহ পূৰ্বে ৰাজপৰিয়ালৰ এজন সদস্যৰ  এখন গাড়ীক কেন্দ্ৰ কৰি ছাত্র-ছাত্ৰীৰ স’তে এক সংঘাত সৃষ্টি হৈছিল আৰু ইয়াৰ পৰিণতিতে থাইলেণ্ডত চৰকাৰ বিৰােধী বিক্ষোভ ব্যাপক হৈ উঠে। বিক্ষোভৰ বিৰুদ্ধে আৰােপ কৰা নিষেধাজ্ঞা অমান্য কৰি বেংককৰ দুই গুৰুত্বপূৰ্ণ কেন্দ্র ভিকট্রি মনুমেণ্ট আৰু অশােক আন্দোলনকাৰীয়ে দখল কৰি লয়। ‘একনায়কতন্ত্র নিপাত যাওঁক’, ‘ৰাজতন্ত্ৰৰ সংস্কাৰ বিচাৰাে’ আদি শ্ল’গানৰে হেজাৰ হেজাৰ প্রতিবাদকাৰীয়ে এই চৰকাৰবিৰােধী প্রতিবাদত অংশ লয় ।

Exit mobile version