ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দোকান বজাৰ উচ্ছেদ

Bogibeel Bridge

উত্তৰ আৰু দক্ষিণ পাৰৰ সংযােগী বগীবিল দলং মুকলি হােৱাৰ পিছৰে পৰা ফেৰী ঘাটত দোকান দি জীৱন নির্বাহ কৰা ডেৰ শতাধিক পৰিয়ালে এটা সমস্যাৰ পিছত আনটো সমস্যাৰ সন্মুখীন হৈ আহিছে । দলং মুকলি হােৱাৰ পিছৰে পৰা টঙানি ৰেল ষ্টেছনৰ ওচৰত ৰেল লাইন আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নতুনকৈ দোকান গঢ় লোৱাৰ পাছত দুবছৰৰ ভিতৰত ডেৰশ সৰু ডাঙৰ দোকানৰ বজাৰ গঢ় লৈ উঠিছে ।

ADVERTISEMENT

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বজাৰ খনত থলুৱা উৎপাদিত খাদ্য সামগ্রী, মাছ মাংসৰ দোকান দি ডেৰ শতাধিক পৰিয়ালে জীৱন নির্বাহ কৰা বজাৰ খন আজি পুৱাৰ ভাগত ৰেল বিভাগ আৰু ধেমাজি জিলা প্রশাসনৰ বুল্ডজাৰে ভাঙি তচনচ কৰি দিয়ে ।

বহিঃৰাজ্যত শ্রমিক কাম কৰি তলাবন্ধৰ সময়ত কর্ম সংস্থাপন হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দোকান দি টকা উপার্জন কৰাৰ সময়তে চৰকাৰী বাহিনীৰ বুল্ডজাৰে নিমিষতে ভাঙি ধ্বংস কৰে । মিচিং জনগােষ্ঠীৰ ৰাইজে দোকান পােহাৰ দিয়া বজাৰ খন চৰকাৰী বাহিনীয়ে ভাঙি পেলােৱাৰ পিছত মিচিং ঐনিতমেৰে গান গায় চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ কৰে ।

Exit mobile version