ঘৰুৱা বজাৰত সোণৰ মূল্য ৫,৫০০ টকা পর্যন্ত হ্ৰাস

WhatsApp Image 2020 10 20 at 4.42.07 PM

ঘৰুৱা বজাৰত সোণৰ মূল্য হ্ৰাস পায় মূল্য হৈছেগৈ ৫৬,২০০ টকা আৰু ৰূপৰ মূল্য হৈছে ৬১,৮৮২ টকা । MCXৰ মতে, ডিচেম্বৰত ০.২% হ্ৰাস পোৱাৰ পাছত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছিল ৫০,৫৮৪ টকা। আৰু ৰূপৰ মূল্য ০.৩৫% হ্ৰাস পোৱাৰ পাছত হয়গৈ ৬১,৮৮২ টকা ।

বিগত সময়ত সোণৰ মূল্য ০.২৪% বৃদ্ধি হোৱাৰ লগতে ৰূপৰ মূল্যও ০.৬% বৃদ্ধি পায় । আনহাতে, বিশ্বব্যাপী মাৰ্কিন ডলাৰৰ পুনৰুদ্ধাৰ আৰু মাৰ্কিন উদ্দীপনা আলোচনা-অনিশ্চয়তাৰ মাজতে বিগত দুটা মাহত সোণৰ মূল্যত যথেষ্ট প্ৰভাৱ পৰিছে । ভাৰতত ঘৰুৱা বজাৰত আগষ্ট মাহত সোণৰ মূল্য ৰেকৰ্ড সংখ্যক স্তৰত প্ৰতি দহ গ্ৰামত ৫৬,২০০টকা হৈছিল ।

আনহাতে, আন ধাতুৰ ক্ষেত্ৰত প্লেটিনাম আৰু পেলেডিয়ামৰ মূল্য ০.১ শতাংশ বাঢ়ি বাঢ়ি প্ৰতি আউন্সত ৮৫৬.৮৫ডলাৰ হৈছে ।

 

Exit mobile version