দৰমহাৰ পৰিমাণ পৰ্যাপ্ত নোহোৱা বাবে বহুতেই এটা চাকৰি এৰি আন চাকৰিত যোগ দিয়ে। কিন্তু দৰমহা কম হোৱাৰ বাবেই দেশৰ প্ৰধানমন্ত্ৰীত্ব ত্যাগ কৰাৰ উদাহৰণ হয়তো নাই । এইবাৰ সেই নিদৰ্শন দেখুৱাব পাৰে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৷ দৰমহা কম হোৱাৰ বাবেই জনছনে পদত্যাগ কৰাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰিছে । দেশ সেৱাত নিমজ্জিত হৈ ব্যক্তিগতভাৱে চৰম আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিততে ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনে পদত্যাগৰ কথা চিন্তা কৰিছে ৷
সম্প্ৰতি ঘনিষ্ঠ মহলত জনছনে প্ৰকাশ কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী হ’লেও তেওঁৰ দৰমহাৰ পৰিমাণ অতি কম ৷প্ৰধানমন্ত্ৰী হোৱাৰ আগতে তেওঁ এতিয়াৰ দৰমহা ধনতকৈ বহু বেছি টকা উপাৰ্জন কৰিছিল । এতিয়া ইমান কম টকাত তেওঁৰ বাবে সংসাৰ চলোৱাটো কঠিন হৈ পৰিছে ৷ঘনিষ্ঠ মহলত জনছনে পদত্যাগ কৰাৰ কথা চিন্তা চৰ্চা কৰি থকা বুলিও জনাইছে । এটা আন্তৰ্জাতিক সংবাদ মাধ্যমত এই সংক্ৰান্তীয় এক প্ৰতিবেদনো প্ৰকাশ পাইছে ।
জনছনৰ দলৰ এজন সাংসদৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীজনে নিজৰ পদত বাহাল থাকিব বিচৰা নাই । কিয়নো ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে তেওঁ বছৰি তিনি লক্ষাধিক পাউণ্ড হেৰুৱাবলগীয়া হৈছে । প্ৰধানমন্ত্ৰীৰূপে জনছনে সম্প্ৰতি দৰমহা লাভ কৰে বছৰি প্ৰায় ডেৰ লক্ষ পাউণ্ড । অথচ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ এখন বাৰ্তালোচনীত কলম লিখিয়েই বছৰি দুই লাখ ৭৫ হাজাৰ পাউণ্ড উপাৰ্জন কৰিছিল ।
ইয়াৰ উপৰি মাহত দুখনকৈ ছেমিনাৰত বক্তৃতা দিয়াৰ বাবদ তেওঁ আয় কৰিছিল প্ৰায় এক লক্ষ ৬০ হেজাৰ পাউণ্ড । অৰ্থাৎ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত জনছনৰ উপাৰ্জন প্ৰায় দুগুণ হ্ৰাস পাইছে ৷ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ছয় সন্তানৰ পঢ়া শুনা,প্ৰাক্তন পত্নীক ভৰণ পোষণৰ বাবদ জনছনৰ মাহিলি ব্যাপক ধন ব্যয় হয় । সেই বাবেই তেওঁ এনে সিদ্ধান্ত গ্ৰহণৰ বাবে সাজু হৈছে ৷ অৱশ্যে এতিয়াই জনছনে পদত্যাগ নকৰে। ব্ৰেক্সিট সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান আৰু কৰ’না পৰিস্থিতি দূৰ হ’লেই তেওঁ এই বিষয়ত সিদ্ধান্ত চূড়ান্ত কৰিব ।
ইপিনে জনছনৰ পৰিৱৰ্তে ইংলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰূপে ইতিমধ্যে উচ্চাৰিত হৈছে ভাৰতীয় বংশোদ্ভৱ বিত্তমন্ত্ৰী ঋষি চুনকৰ নাম ৷ তেওঁ দেশখনৰ পৰ্ৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ দৌৰত আন প্ৰতিদ্বন্দ্বীসকলৰ তুলনাত বহুখিনি আগবাঢ়ি আছে । আনকি বুকীসকলৰো ফেভাৰিট হৈছে ঋষি।