Manufacturing Sector ক বিকাশক ক্ষিপ্ৰ গতিৰে আগুৱাই নিয়াৰ চিন্তা কৰিছে মুকেশ আম্বানীয়ে

WhatsApp Image 2020 10 20 at 4.53.05 PM

ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানিয়ে কয় যে বিকাশক ক্ষিপ্ৰ কৰি তুলিবৰ কাৰণে Manufacturing Sector ৰ সন্দৰ্ভত নতুন ধৰণে চিন্তা কৰাৰ আৱশ্যকতা আছে ।আম্বানীয়ে সোমবাৰে বিয়লি এখন গ্ৰন্থৰ অনলাইন উন্মোচনীত কয় যে ভাৰতত Manufacturing ৰ বিষয়ে নতুন ধৰণে চিন্তা কৰিব লাগে ৷

দেশৰ সকলোতকৈ নামী কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানী এনে সময়ত Manufacturing ৰ বিষয়ে কৈছে যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ আৰ্থিক অৱস্থা কৰ’নাৰ কাৰণে শোচনীয় অৱস্থাত আছে ।

ইফালে এই বছৰত জি ডি পি হাৰো হ্ৰাস পাইছে।ক’ভিড ১৯ ক প্ৰতিৰোধ কৰিবৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে সম্প্ৰতি কোম্পানীসমূহ যথেষ্ট প্ৰভাৱিত হৈছে ।আৰু লাখ লাখ লোকে নিজৰ চাকৰিও হেৰুৱাব লগা হৈছে।

উল্লেখযোগ্য যে আম্বানীয়ে ভাৰতত এখন ডিজিটেল ছ’চাইটি গঢ়ি তুলিব বিচাৰে ।দেশৰ শিক্ষা ব্যৱস্থা উত্তৰণৰ দিশত আগুৱাই লৈ যাব বিচাৰে ।যাৰ কাৰণে Manufacturing Sector ত গুৰুত্ব দিয়ে আম্বানীয়ে ।

Exit mobile version