একে নিশাই পাইকাৰী বজাৰত পিঁয়াজৰ মূল্য বাঢ়িল ১২শ টকা

Onion PTI

ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ শােধাই একে নিশাই কুইন্টলত ১২শ টকাকৈ বৃদ্ধি হ’ল পিঁয়াজৰ মূল্য। আগন্তুক শাৰদীয় দুর্গা পূজাৰ অচিলা লৈ ৰাজ্যত এইদৰে পুনৰ বজাৰ অনিয়ন্ত্রিত হৈ পৰাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মাধমাৰ দিছে সাধাৰণ জনতাক।

উল্লেখ্য যে মহানগৰীৰ বজাৰত প্রতি কিলােগ্রাম পিঁয়াজৰ মূল্য খুচুৰা বজাৰত ৭০ টকালৈ বৃদ্ধি হােৱাৰ সমান্তৰালভাৱে আলু প্রতি কিলােগ্রাম ৪৫-৫০ টকাত বিক্ৰী হৈছে। একেদৰে ৬০ টকাৰ তলত নাই কোনাে শ এবিধ শাক-পাচলি। ফলত মুখ চুপতিত ব্যস্ত হৈ পৰা চৰকাৰী পক্ষই মূল্যবৃদ্ধি ৰােধ কৰাত ব্যর্থ হােৱা বুলি ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

উল্লেখ্য যে মহানগৰীত কালি পিঁয়াজৰ পাইকাৰী মূল্য আছিল প্রতি কিলােগ্রামত ৫০-৫২ টকা; কিন্তু নিশাটোৰ ভিতৰতে প্রতি কিলােগ্রাম পিঁয়াজৰ পাইকাৰী মূল্য ৬২ টকালৈ বৃদ্ধি পায়। ফলত মহানগৰীৰ খুচুৰা বজাৰ ভেদে পিঁয়াজ ৭০-৭৫ টকাৰ দৰত বিক্ৰী হৈছে। একেদৰে প্রতি কিলােগ্রাম আলুৰ পাইকাৰী মূল্য ৩৬-৩৭ টকা আৰু ৪৫-৫০ টকা দৰত বিক্ৰী কৰিছে খুচৰা ব্যৱসায়ীয়ে।

ইফালে, তলাবন্ধৰ সময়ছােৱাত মহানগৰীত শাক-পাচলিৰ মূল্য প্রশাসনে নির্ধাৰণ কৰি দিছিল যদিও বর্তমান সময়ত সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। আজি ৬০ টকাৰ তলত এবিধো শাক-পাচলি ক্ৰয় কৰিবলৈ বজাৰত নাই। সাধাৰণ জনতাক এই ক্ষেত্ৰত সকাহ দিবলৈ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে যােগান বিভাগ। এই সন্দৰ্ভত কে’বাজনাে গ্রাহকে চৰকাৰক সমালােচনা কৰি ৰাজনৈতিক দল-চৰকাৰ কেৱল মুখ চুপতিত ব্যস্ত বুলি মন্তব্য কৰি জনতাৰ সমস্যালৈ কাৰােৱেই ভ্রক্ষেপ নাই বুলি ক্ষোভ উজাৰিছে।

ইফালে, পিঁয়াজৰ একে নিশাই হােৱা মূল্যবৃদ্ধিৰ সন্দৰ্ভত পাইকাৰী ব্যৱসায়ীৰ ভাষ্য অনুসৰি, ৰাজস্থানতে পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে আৰু আগন্তুক কিছুদিন এই মূল্যবৃদ্ধি অব্যাহত থাকিব বুলি ধাৰণা কৰা হৈছে; কিন্তু চৰকাৰে ইচ্ছা কৰিলে ইয়াক ৰােধ কৰিব পৰা যাব বুলিও কে’বাজনাে ব্যৱসায়ীয়ে মত পােষণ কৰে।

ইফালে, গণেশগুৰি বজাৰত শাক-পাচলি ক্ৰয় কৰিবলৈ অহা বৰবাৰীৰ লক্ষী বৰা নামৰ লােকজনে মূল্যবৃদ্ধি সন্দৰ্ভত কয়, ‘পিঁয়াজ ৭০ টকা হ’ল। আলু ৪৫, ৬০ টকাৰ তলত একো পাচলি নাই। শাক-পাচলি কিদৰে খাম চিন্তা কৰিবলগীয়া হৈছে। চৰকাৰ ব্যস্ত সভ্যতাৰ যুঁজত, মােগলৰ যুঁজত। বিৰােধীৰ কোনাে কাম নাই। উপায় নাই, ব্যৱসায়ীয়ে যি বিচাৰিছে দি লৈ গৈছাে। নহ’লে কি খাম?’

Exit mobile version