এক গোপন সূত্ৰৰ খবৰ অনুসৰি আজি ডিফুৰ মাঞ্জা আৰক্ষী থানা আৰু DSP নাহিদ কৰিশ্মাৰ অভিযানত ১৬ টাকৈ বাঘৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এই সন্দৰ্ভত আৰক্ষীয়ে জীৱজন্তুৰ অংগৰ সৰবৰাহত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
লগতে এই সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।