দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৬ লাখলৈ বৃদ্ধি

iStock 1209432716 1592066488

1209432716

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৫৪,০৪৪ জন ৷আৰু মৃত্যু হৈছে ৭১৭ জন ।ইয়াৰ লগে লগে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৬,৫১,১০৭ লৈ বৃদ্ধি পাইছে। মৃত্যু হৈছে ১,১৫,৯১৪ জন ।

আনহাতে দেশত সুস্থ হোৱাৰ হাৰ ৮৮.৮১শতাংশ আৰু মৃত্যু হোৱাৰ হাৰ ১.৫১শতাংশ।

বিগত ২৬৫ দিনত দেশত কৰ’নাত সংক্ৰমিতৰ সংখ্যাই ৭৬ লাখ অতিক্ৰম কৰিলে ।ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই সাত আগষ্টত ২০ লাখ,২৩ আগষ্টত ৩০ লাখ আৰু পাঁচ ছেপ্টেম্বৰত ৪০ লাখ,১৬ ছেপ্টেম্বৰত ৫০ লাখ,২৮ ছেপ্তেম্বৰত ৬০ লাখ আৰু ১১ অক্টোবৰত ৭০ লাখৰ সীমা অতিক্ৰম কৰিছে ।

ক’ভিভ ১৯ য়ে সমগ্ৰ বিশ্বত অতিমাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ভাৰতত ১,০০,০০০ কৰ”নাত আক্ৰান্ত হৈছিল ১১০ দিনত ।কিন্তু ইয়াৰ পাছত কৰ’নাত আক্ৰান্তৰ গতি বৃদ্ধি পাইছে। সম্প্ৰতি কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৭৬ লাখৰ ঘৰ অতিক্ৰম কৰিছে ।

Exit mobile version