নগাঁও চহৰৰ প্ৰথমখন দুৰ্গা পূজাত এইবাৰো ৰক্ষা হ’ব ধৰ্মীয় পৰম্পৰা

IMG 20201021 WA0001

১৭০বছৰীয়া এক বিশ্বাস আৰু পৰম্পৰাৰ জলন্ত নিদৰ্শন নগাঁও চহৰৰ বেলতলাৰ প্ৰয়াত জানকী নাথ সেন উকীলৰ ঘৰৰ দুৰ্গা মন্দিৰ । বিগত ১৮৫০ৰ পৰাই এই দুৰ্গা মন্দিৰত প্ৰতিবছৰেই অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা । এই পূজাত নাই কোনো কাৰুকাৰ্যৰ চমৎকাৰিতা, নাই কোনো প্ৰতিযোগিতা মূলক ভাৱনা আৰু আলোকসজ্জাৰ বাহাৰ । সীমিত বাজেটেৰে অতি অনাড়ম্বৰপূৰ্ণ ভাৱে বেলতলাৰ প্ৰয়াত জানকী নাথ সেন উকীলৰ ঘৰৰ দুৰ্গা মন্দিৰত আধ্যাত্মিকতাক প্ৰাধান্য দি অনুষ্ঠিত কৰি অহা হৈছে এইখন দুৰ্গাপূজাত ।

এইখন পূজাৰ অন্যতম বৈশিষ্ট্য হ’ল প্ৰচলিত বলি দিয়াৰ পৰম্পৰা । জাকজমকতা পৰিহাৰ কৰি আধ্যাত্মিকতা আৰু ধৰ্মীয় পৰম্পৰাক গুৰুত্ব দি এই পূজা অনুষ্ঠিত কৰি অহা হৈছে যদিও প্ৰতি বছৰেই বেলতলাৰ দুৰ্গা পূজা ৰাইজৰ অন্যতম আকৰ্ষণ হৈ পৰে ।

জানকী নাথ সেন উকীলৰ আজো নাতি শৰৎ বৰুৱাই আজি “দৈনিক অগ্ৰদূত”ৰ আগত কয়,”এইবাৰ আমাৰ ইয়াত ১৭১সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হ’ব । এইবাৰ অতিমাৰী কৰ’নাৰ ভয়াৱহতা, ক’ভিড প্ৰট’কল মানি কেৱল ধৰ্মীয় পৰম্পৰাহে ৰক্ষা কৰা হ’ব।ষষ্ঠীৰ পৰা দশমী পৰ্যন্ত মন্দিৰত পূজাভাগ অনুষ্ঠিত কৰা হ’ব । আমাৰ পূজাত চাৰিও দিনা বলি দিয়া হ’ব । এইবাৰ বলি হিচাপে ছাগলী, কোমোৰা আৰু কুঁহিয়াৰ আগবঢ়োৱা হ’ব।আমাৰ বাজেট তেনেই সীমিত।”

লগতে বৰুৱাই কয়, “ক’ভিড সম্পৰ্কীয় নিয়ম মানি চলি আমাৰ পূজাভাগ অনুষ্ঠিত কৰা হ’ব । প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে মোৰ লগতে পূজাৰী, এগৰাকী মহিলা আৰু এজন যুৱকে ইতিমধ্যে ক’ডিড পৰীক্ষা কৰাইছো ।”

Exit mobile version