ন’ এন্ট্ৰী জ’নক আংশিকভাবে শিথিল কৰিলে কলকাতা উচ্চ ন্যায়ালয়ে

d9bf45ca b1c4 4b6c a2a6 cd0c1960fed3

কলকাতা উচ্চ ন্যায়ালয়ে পূৰ্বতে দিয়া পূজা পেণ্ডেলসমূহৰ ন’ এন্ট্ৰী জ’নৰ আদেশক আংশিকভাৱে শিথিল কৰি দিছে ৷ ন্যায়ালয়ৰ নতুন নিয়ম অনুসৰি সম্প্ৰতি প্ৰায় ৪৫জন লোক এবাৰত পূজা পেণ্ডলসমূহত প্ৰবেশ কৰিব পাৰিব।

আনহাতে বৃহৎ পূজা পেণ্ডলসমূহত প্ৰায় ৬০ জন লোক পূজা পেণ্ডেলসমূহত প্ৰবেশ কৰিব পাৰিব। আদালতে লগতে কয় যে পূজাৰ পেণ্ডলত প্ৰবেশৰ অনুমতি পোৱা সকলৰ তালিকা প্ৰত্যেক দিনে পুৱা ৮ বজাত পূজা মণ্ডপৰ গেটত লগাব লাগিব ৷

আদালতে পৰম্পৰাগত ঢাক আৰু ড্ৰাম বজোৱা লোকসকলকো ন’ এন্টী জ’নত যাবলৈ অনুমতি দিছে ৷ এতিয়া তেওঁলোকে পেণ্ডেলৰ গেটৰ বাহিৰত ঢাক বা ড্ৰাম বজাব পাৰিব ।

উচ্চ ন্যায়ালয়ে কয় যে সৰু পেণ্ডলত প্ৰবেশ কৰা ভক্তসকলৰ প্ৰতি দিনে তালিকা তৈয়াৰ কৰিব লাগিব ।আৰু এই পূজা পেণ্ডলৰ ভিতৰতলৈ এবাৰত ১০ জনকৈহে ভক্তই প্ৰবেশ কৰিব পাৰিব।

উল্লেখযোগ্য যে পশ্চিমবংগৰ পূজা বুলি ক’লেই মনলৈ আহে জাকজমকতাকে ধৰি ৰঙ বিৰঙী পৰিবেশ ৷ইয়াৰ মাজতে কৰ’নাৰ কাৰণে কলকাতা উচ্চ ন্যায়ালয়ে ভক্তসকলৰ কাৰণে ন’ এন্ট্ৰী জ’ন ঘোষণা কৰিছিল ৷ইয়াৰ পাছত ৪০০ খন দুৰ্গাপূজাৰ আয়োজকৰ আবেদনক সমীক্ষা কৰি ন্যায়ালয়ে সিদ্ধান্তত উপনীত হৈছিল।

Exit mobile version