প্ৰসংগঃ SI কেলেংকাৰি

sanjit krishna

#প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰে প্ৰত্যক্ষ যোগসূত্ৰ থকাৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা এছ পি কুমাৰ সঞ্জীত পাঁচদিনীয়া জিম্মাৰ ম্যাদ অন্ত পৰাত আদালতত হাজিৰ কৰাই চি আই ডিয়ে।

# গ্ৰেপ্তাৰ হোৱাৰ এসপ্তাহ উকলি যোৱাৰ পাছতো নিলম্বিত নোহোৱা এছ পি কৃষ্ণক প্ৰভাৱশালী চক্ৰৰ হেচা‌ঁত পুনৰ জিম্মাত বিচৰাৰ পৰা বিৰত থাকে চি আই ডি।

# দুয়োপক্ষৰ শুনানীৰ অন্তত ধৃত এছ পি কৃষ্ণক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

# ধৃত এছ পিৰ অসহযোগিতাৰ বাবে আজিও উদ্ধাৰ নহ’ল প্ৰশ্নকাকত ফাদিলৰ বাবে আগধন হিচাপে দুটা কিস্তিত আদায় কৰা নগদ ৪০ লাখ টকা।

# অনুৰূপ গোচৰৰ অন্যতম অভিযুক্ত দালাল সৰোজ শৰ্মা আৰু পি কেৰ ঘনিষ্ঠ সহযোগী জয়দ্বীপ বৰুৱাৰো আজি জিম্মাৰ ম্যাদ অন্ত পৰাত দুয়োকে আদালতত হাজিৰ কৰায় চি আই ডিয়ে।

#ধৃত অভিযুক্তদ্বয়কো জিম্মাত বিচৰাৰ পৰা বিৰত থাকে তদন্তকাৰী বিষয়াই ।

# পাছত ধৃত সৰোজ শৰ্মা আৰু জয়দ্বীপ বৰুৱাকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

Exit mobile version