বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত কৰ্তব্যৰত নাৰ্ছে নিজৰ দায়িত্ব পালন কৰাৰ লগতে ক’ভিড ৰোগীৰ মানসিক অৱস্থাৰো যতন লৈ অতিমাৰী কৰ’নাৰ সংক্ৰমণৰ সময়ছোৱাত মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৷ যোৱা ১৪ তাৰিখে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মানসিকভাৱে ভাগি পৰা এগৰাকী আইতাৰ লগত আজি পিপিই কিট পিন্ধি বিহু আৰু গোৱালপৰীয়া নৃত্য কৰি চিকিৎসা সেৱাৰ লগতে মানৱ সেৱাৰো এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এগৰাকী কৰ্তব্যৰত নাৰ্ছে ৷
উল্লেখযোগ্য যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত দায়িত্বৰত জেষ্ঠ্যা নাৰ্ছ দ্বিপ্তী সৰকাৰে বিগত ছমাহ ধৰি নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি ক’ভিড-১৯ৰ দায়িত্ব পালন কৰি আছে ৷ তেনেদৰে দায়িত্ব পালন কৰিছে গিতাশ্ৰী চেতিয়া, চুইটী ৰাউত, মৃনাল দাস আদিয়ে ৷ নামনি অসমৰ অন্যতম ব্যৱসায়ীক কেন্দ্ৰ বঙাইগাঁওৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ, ছাফাই কৰ্মী সকলৰ কৰ্তব্য আৰু সেৱাৰ মনোভাৱৰ বাবে তেওঁলোকক চ্যেলুট জনাইছে বঙাইগাঁও জিলাৰ সুধী সমাজে ৷
বঙাইগাঁও কভিড ৱাৰ্ডত মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন
