ব্রহ্মাণ্ডৰ ৰহস্য! নমুনা সংগ্রহৰ বাবে গ্রহাণুত

nsa

ব্রহ্মাণ্ডৰ গােপন ৰহস্য জানিবলৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে মার্কিন মহাকাশ সংস্থা নাছা। ৰহস্যৰ আঁত খুলিবলৈ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা নাছাই এই ক্ষেত্রত গ্রহাণুৰ স’তে এঘড়ী যুঁজ দিবলৈ সাজু হৈছে । মাত্র কেইটামান ছেকেণ্ডৰ বাবে হলেও মার্কিন মহাকাশযান ‘অচিৰিছ-আৰ ই এক্স’ এটি শিলাখণ্ডৰ গ্রহাণুত নাছাই অৱতৰণ কৰাব ।

মাত্র ১০-১৫ ছেকেণ্ডৰ ভিতৰতেই গ্রহাণুটোৰ পৰা শিল-মাটি সংগ্রহ কৰি উভতি আহিব মহাকাশযানখনে। সমগ্র এই ঘটনা প্রৱাহৰ পােনপটীয়া সম্প্রচাৰ কৰা হ’ব নাছা টিভিত। ফলত এই প্রত্যাহ্বানমূলক কার্যৰ সাক্ষী হ’ব পাৰিব সাধাৰণ বিশ্ববাসীয়েও।

নাছাই এই অভিযানৰ নাম দিছে ‘টাছ-এণ্ড-গ’ (টি এ জি) চেম্পল কালেকছন ইভেন্ট’। ভাৰতীয় সময়মান অনুসৰি আজি নিশা প্রায় আঢ়ৈ বজাত এই প্রত্যাহ্বানমূলক কার্য সংঘটিত হ’ব গৱেষকসকলে জনােৱা অনুসৰি এই অভিযান যথেষ্ট বিপদ সংকুল হ’ব। গ্রহাণুত অৱতৰণৰ সময়ত মহাকাশযানখন ক্ষতিগ্রস্ত হােৱাৰাে আশংকা কৰা হৈছে।

এনে হ’বলৈ হলে অভিযান ব্যর্থ হ’বও পাৰে; কিন্তু অভিযান যদি সফল হয় তেন্তে নতুন ইতিহাসৰ সৃষ্টি হ’ব। নাছাৰ নিজস্ব টুইটাৰত জনােৱা অনুসৰি এই অভিযানত গ্রহাণু বেন্নুৰ এটা অংশ স্পর্শ কৰিব মহাকাশযানখনে। সমগ্র অভিযানটো চাৰে চাৰি ঘণ্টা জোৰা হ’ব।নেচাৰ আলােচনীত প্রকাশিত তথ্য অনুসৰি মার্কিন মহাকাশযানখনে গ্রহাণুটোৰ পৰা ৬০ গ্রাম শিল সংগ্রহ কৰিব।

যাৰ দ্বাৰা সৌৰজগতৰ ইতিহাস জনাত সহায়ক হ’ব; কিন্তু এই অভিযান যে অতিকৈ কঠিন হ’ব সেই কথা প্রায় স্পষ্ট হৈ আছে । মহাকাশযানখনে অৱতৰণ কৰিবলগীয়া স্থানডােখৰ যথেষ্ট সৰু হােৱাৰ লগতে শিলৰ কঠিন তৰপযুক্ত। নাছাৰ মতে কেইখনমান সৰুগাড়ী ৰখাই থব পৰা স্থানৰ সমান হ’ব অৱতৰণ কৰিবলগীয়া স্থানখণ্ড। বহুকেইটা ডাঙৰ শিলাে আছে একে স্থানতে।

ফলত অতি কম সমসয়ৰ ভিতৰতে প্রয়ােজনীয় নমুনা সংগ্রহ কৰি পুনৰ উভতি অহাটো একেবাৰেই সহজ কাম নহ’ব। প্রথম পর্যায়ত এই অভিযান সফল নহ’লেও ভৱিষ্যতৰ বাবে ই নতুন দুৱাৰ মুকলি কৰাটো অৱশ্যে নিশ্চিত।

Exit mobile version