ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰঃচিন্তিত চীন

WhatsApp Image 2020 10 21 at 1.13.22 PM

আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰে অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব।মঙলবাৰে এই কথা সদৰী কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰে। ভাৰত- চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকা আৰু ভাৰতৰ মাজত সম্পৰ্ক শক্তিশালী কৰিবলৈ ভাৰতলৈ আগমন হ’ব আমেৰিকাৰ দুই মন্ত্ৰীৰ।

এই সময়ছোৱাত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতৰ সৈতে বিভিন্ন বিষয়ক লৈ আলোচনা কৰাৰ লগতে ভাৰত-চীনৰ মাজত চলি থকা বিবাদৰ সন্দৰ্ভতো আলোচনা কৰিব ৷

ভাৰতৰ সন্দৰ্ভত মাৰ্ক এস্পৰে কয় ‘ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ইয়াত বহুত প্ৰতিভাশালী লোক আছে আৰু তেওঁলোকে হিমালয়ত প্ৰতিদিনে চীনৰ আক্ৰমক স্থিতিৰ সৈতে মোকাবিলা কৰে’।উল্লেখ্য যে আমেৰিকাৰ দুই মন্ত্ৰীয়ে ভাৰতলৈ অহাৰ খবৰত চিন্তিত হৈ পৰিব পাৰে চীন ।

Exit mobile version