মেঘালয়ত অসমৰ লোক তথা যানবাহন প্ৰৱেশত বাধা

20201021 172114

সমগ্ৰ দেশতে আনল’ক প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে যদিও মেঘালয় চৰকাৰে অসমৰ সকলো ধৰণৰ যানবাহন মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত এতিয়াও বাধা নিষেধ আৰোপ কৰিছে ৷

ফলত গোৱালপাৰা জিলাৰ দুধনৈ, কৃষ্ণাই, দৰংগিৰি, ধূপধৰা, আগিয়া, লক্ষীপুৰ তথা অসম মেঘালয় সীমান্তৱর্তী পথেৰে অহা-যোৱা কৰা যাত্ৰীবাহী বাছ, মালবাহী ট্ৰাক, উইংগাৰ, টেক্সি, অট’ৰ উপৰিও ব্যৱসায়ী সকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ মেঘালয় চৰকাৰৰ যাতায়াতৰ ক্ষেত্ৰত এই বাধা আৰোপৰ ব্যৱস্থাত জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলাৰ ৪০ টাকৈ সংগঠন ।

এই সন্দৰ্ভত কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ কাৰ্যালয়ত আজি এক সংবাদ মেলৰ আয়োজন কৰে সংগঠনসমূহে ৷ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আয়োজিত আজিৰ সংবাদ মেলত জিলাখনৰ চল্লিশটাকৈ সংগঠন একত্ৰিত হৈ মেঘালয় চৰকাৰ-প্ৰশাসনক আগন্তুক এসপ্তাহৰ ভিতৰত আন্তঃৰাজ্যিক যাতায়াত সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায় ৷ অন্যথা ২৯ অক্টোবৰৰ পৰা মেঘালয়ৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠন কেইটাই ।

উল্লেখযোগ্য যে মেঘালয় চৰকাৰে ক’ভিড সংক্ৰমণৰ দোহাই দি অসমৰ লোকক মেঘালয়ত প্ৰৱেশ কৰিবলৈ বাধা দি আহিছে অথচ মেঘালয়ৰ যিকোনো লোকে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ অসমত প্ৰৱেশ কৰিছে ।

উল্লেখ্য যে এই সমস্যা সন্দৰ্ভত ইতিমধ্যে কে’বাটাও সংগঠনে ইতিমধ্যে গোৱালপাৰা জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । কিন্তু মেঘালয় তথা অসম চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো সঁহাৰি নিদিয়াত ক্ষোভত ফাটি পৰিছে আছু তথা অন্যান্য সংগঠন কেইটাৰ নেতাসকল ৷

Exit mobile version