অত্যাধিক চেনি খোৱাৰ ফলত পৰিণতিতে বিশ্বত বছৰি প্ৰাণহানি ৩.৫ কোটি মানুহৰ

4998

আপুনি অত্যধিক পৰিমাণৰ চেনি বা মিঠাজাতীয় আন খাদ্য গ্রহণ কৰে নেকি? অত্যধিক চেনি খােৱাৰ ফলত হ’ব পাৰে আপােনাৰ অকাল বিয়ােগ। বিখ্যাত গৱেষণামূলক পত্রিকা ‘নেচাৰ’ত প্রকাশিত এক গৱেষণামূলক অধ্যয়নৰ তথ্য অনুসৰি, অতিৰিক্ত পৰিমাণৰ চেনি খােৱাৰ ফলত প্ৰতি বছৰে নানা ৰােগত আক্ৰান্ত হৈ বিশ্বজুৰি প্ৰায় ৩.৫ কোটি লােকৰ মৃত্যু হৈ আহিছে।

বিশ্বত বছৰি সংক্রামক ৰােগত যিমানসংখ্যক লােক আক্রান্ত হয়, তাৰ তুলনাত অধিকসংখ্যক লােক অসুস্থ হয় চেনিৰ বিষক্রিয়াত । অতিৰিক্ত চেনি খােৱাৰ ফলত শৰীৰত ওজন বৃদ্ধি, মধুমেহ ৰােগ হােৱাৰ লগতে অত্যধিক চেনিয়ে হৃদপিণ্ড, যকৃত নষ্ট কৰাৰ শংকা থাকে বুলি স্বাস্থ্য গৱেষকে গৱেষণামূলক অধ্যয়নত দাবী কৰিছে । অত্যাধিক চেনি গ্ৰহণৰ ফলত শৰীৰৰ বিভিন্ন হৰম’নৰ মাত্রাও হ্রাস-বৃদ্ধি হয় ।

আৰু ক’লেষ্টেৰল, ট্রাইগ্লিচাহৰাইডৰ পৰিমাণে বৃদ্ধি পায়। চেনি আৰু চেনিজাতীয় খাদ্যৰ অত্যধিক পৰিমাণে কর্কট সৃষ্টিতে সহায় কৰে বুলি গৱেষকে দাবী কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামর্শ অনুসৰি এজন পুৰুষে দৈনিক ন চামুচ আৰু মহিলাই ছয় চামুচতকৈ অধিক পৰিমাণৰ চেনি খােৱা অনুসূচিত। কিন্তু বিভিন্ন সমীক্ষাৰ তথ্য অনুসৰি সৰহসংখ্যক লােকে মিঠা খাদ্য গ্রহণৰ ক্ষেত্ৰত এই নিয়ম মানি নচলে আৰু কমেও ২৫ শতাংশৰ অধিক চেনি দৈনিক গ্ৰহণ কৰি আহিছে।

Exit mobile version