কলকাতাৰ পূজাত অন্যান্য মূৰ্তিৰ লগত স্থাপন কৰিলে অভিনেতা ছনু সুডৰ মূৰ্তি

WhatsApp Image 2020 10 22 at 12.53.20 PM

বলীউডৰ অভিনেতা ছনু সুডে কৰ’না মহামাৰীৰ কাৰণে দিয়া তলাবন্ধৰ সময়ত  বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ কাৰণে ত্ৰাণকৰ্তা ৰূপত আগবাঢ়ি আহি যেনেধৰণে এক জাগৰণৰ সৃষ্টি কৰিছিল,সেয়া নিশ্চয়কৈ সকলোৰে কাৰণে অনুপ্ৰেৰণাৰ উৎস। তাৰ মাজতে ছনু সুডে আৱদ্ধ লোকসকলক কেৱল ঘৰত উপস্থিত কৰোৱাই নহয় বহু লোকক কৰ্মসংস্থাপনো দিছিল।

সেয়েহে আৰ্তজনৰ ওচৰত যিকোনো পৰিস্থিতিতে থিয় দিয়া অভিনেতা ছনু কোনো ভগৱানৰ শাৰীত স্থান দিবলৈ কুণ্ঠাবোধ কৰা নাই দেশবাসীয়ে ৷ সেয়েহে এইবাৰ কলকাতাৰ প্ৰফুল্ল কানন ৱেলফেয়াৰ এছ’চিয়েছনে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা দুৰ্গা পূজাত ছনু সুডৰ এটি মূৰ্তিও সংলগ্ন কৰিছে৷ এই পূজাকমিটিখনে দূৰ্গা পূজা পেণ্ডেলৰ থীম ৰাখিছে “প্ৰবাসী মজদূৰ” ।

এই সন্দৰ্ভত পূজা কমিটিখনৰ সদস্যই জনোৱা অনুসৰি “ছনু সুডৰ মূৰ্তি এইকাৰণেই লগোৱা হৈছে যাতে লোকসকলে তেওঁৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰে ৷”আনহাতে পূজা কমিটিখনৰ এই পদক্ষেপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছনু সুডে কয় “মোৰ এতিয়ালৈকে সকলোতকৈ বৃহৎ পুৰস্কাৰ”৷উল্লেখযোগ্য যে এক সাক্ষাৎকাৰত আৱদ্ধ লোকসকলক সহায় কৰাৰ সন্দৰ্ভত ছনুৱে মন্তব্য কৰিছিল “প্ৰথমতে মোৰ বহুত অসুবিধা হৈছিল। কিন্তু এইসময়ত দোক সহায় কৰে মোৰ পিতৃ-মাতৃয়ে ৷তেওঁলোকে সদায়েই কৈছিল তুমি তেতিয়াহে সফল যে যেতিয়া তুমি আন দহজনৰ হাত ধৰি আগুৱাই লৈ যাবা।”

Exit mobile version