কালৈ ভয় কৰিছে দালাল-কুচক্ৰীয়ে

d0b9a25faac4251aee5091b5a5eab8694e6784057b02635a604e2cd9fa45018c

সম্প্রতি নিৰাপত্তাহীনতাত ভুগিছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্রশ্নকাকত ফাদিল কৰা চক্ৰটোৰ কে’বাজনাে দালাল তথা কুচক্রী। ফলত অক্ষয় টেলি কমিউনিকেচ্ছনৰ অন্যতম অংশীদাৰ তথা সংশ্লিষ্ট গােচৰৰ অন্যতম অভিযুক্ত ৰুবুল হাজৰিকাৰ পাছত এইবাৰ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত নিৰাপত্তাৰ অজুহাত দি ন্যায়িক জিম্মাত হােৱাৰ ক্ষেত্ৰত অনিচ্ছা প্রকাশ কৰি আদালতক আবেদন কৰে আন দুজন ধৃত অভিযুক্ত ক্রমে সৰােজ শর্মা ওৰফে সূৰ শৰ্মা আৰু পি কে দত্তৰ ঘনিষ্ঠ সহযােগী জয়দ্বীপ বৰুৱাই।

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ধৃত দালাল সৰােজক ২৪ ঘণ্টাৰ বাবে গােৱালপাৰা জিলা কাৰাগাৰলৈ আৰু জয়দ্বীপক মৰিগাঁও জিলা কাৰাগাৰলৈ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। শুনানি অন্তত আদালত চৌহদত অধিবক্তাই জনােৱা অনুসৰি, প্রশ্নকাকত ফাদিলৰ গােচৰত যােৱা ন অক্টোবৰত মহানগৰ আৰক্ষীৰ অপৰাধ কোষৰ জালত পৰা মেছাৰ্ছ তৃষ্ণা গ্ল’বেল প্রাইভেট লিমিটেডৰ অন্যতম স্বত্বাধিকাৰী সৰােজ শৰ্মাক চি আই ডিয়ে যােৱা ১০ অক্টোবৰত গ্রেপ্তাৰ কৰে।

সিদিনাই আদালতত হাজিৰ কৰাই ধৃত সৰােজক প্রথম পর্যায়ত পাঁচদিনৰ বাবে চি আই ডিয়ে জিম্মাত লয়। ১৫ অক্টোবৰত জিম্মাৰ ম্যাদ অন্ত পৰাত আদালতত হাজিৰ কৰাই পুনৰ পাঁচদিনৰ বাবে সৰােজক জিম্মাত লয়। ধৃত সৰােজৰ জিম্মাৰ ম্যাদ অন্ত পৰাত পুনৰ আদালতত হাজিৰ কৰায় চি আই ডিয়ে। পুনৰ জিম্মাত বিচাৰি চি আই ডিয়ে আবেদন দাখিল নকৰা বাবে ধৃত সৰােজক আদালতে ২৪ ঘণ্টাৰ বাবে গােৱালপাৰা কেন্দ্রীয় কাৰাগাৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি অধিবক্তাই জনায়।

লগতে পি কে ঘনিষ্ঠ সহযােগী জয়দ্বীপ বৰুৱাৰাে কালি পাঁচদিনীয়া জিম্মাৰ ম্যাদ অন্ত পৰে। ইয়াৰ ভিত্তিতে ধৃত জয়দ্বীপকো চি আই ডিয়ে আদালতত হাজিৰ কৰায়। দুয়ােপক্ষৰ শুনানিৰ অন্তত নিৰাপত্তাজনিত কাৰণতে ধৃত জয়দ্বীপ বৰুৱাকো ছদিনৰ বাবে আদালতে মৰিগাঁও জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি অধিবক্তাই জনায়।

কাৰ ভয়ত ত্ৰস্তমান দালাল চক্র?

প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযােগত গ্রেপ্তাৰ হােৱা ইজনৰ পাছত সিজন দালালে নিৰাপত্তাহীনতাৰ অজুহাত দি ন্যায়িক জিম্মাত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ যােৱাৰ ক্ষেত্ৰত অনিচ্ছা প্রকাশ কৰিছে আদালতৰ সন্মুখত। ইয়াৰ ভিত্তিতে আদালতে সংশ্লিষ্টসকলক পৃথক কাৰাগাৰলৈ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। সংশ্লিষ্ট গােচৰত গ্রেপ্তাৰ হৈ বর্তমানে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা প্রাক্তন ডি আই জি কুখ্যাত পি কে দত্তকে ধৰি দালাল চক্ৰটোৰ ভালেসংখ্যক অভিযুক্তৰ ভয়তে সংশ্লিষ্টসকলে পৃথক কাৰাগাৰলৈ ন্যায়িক জিম্মাত প্ৰেৰণৰ বাবে আদালতক অনুৰােধ জনােৱা বুলিও অধিবক্তাই সদৰী কৰে।
ধৃত এছ পি সঞ্জীত কৃষ্ণক ৰক্ষণাবেক্ষণৰ বাবে তৎপৰ দিছপুৰৰ প্ৰভাৱশালী চক্র ।

ইপিনে, প্রশ্নকাকত ফাদিলৰ ঘটনাৰে প্রত্যক্ষ যােগসূত্র থকাৰ অভিযােগত যােৱা ১৫ অক্টোবৰত গ্রেপ্তাৰ হােৱা কৰিমগঞ্জ জিলাৰ নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক ৰক্ষণাবেক্ষণৰ বাবে উঠি পৰি লাগিছে দিছপুৰৰ এক প্রভাৱশালী চক্র। ফলত চি আই ডিত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ গােচৰত অধিক জেৰাৰ বাবে দ্বিতীয়বাৰৰ বাবে এছ পি কৃষ্ণক জিম্মাত বিচাৰি আবেদন দাখিলৰ প্রস্তুতি চলায়াে প্ৰভাৱশালী চক্ৰটোৰ হেঁচাৰ বাবে মূৰকত থমকি ৰ’বলগীয়া হয় তদন্তকাৰী সংস্থাটো।

চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনােৱা মতে, প্রয়ােজনীয় তথ্য প্রমাণ তথা সংশ্লিষ্ট গােচৰত ইতিপূর্বে গ্রেপ্তাৰ হােৱা অভিযুক্তসকলে দিয়া সাক্ষ্যৰ ভিত্তিতে যােৱা ১২ অক্টোবৰৰ পৰা অভিযুক্ত এছ পি কৃষ্ণক একাধিকবাৰ জেৰা চলােৱা হয়। প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত উত্থাপিত অভিযােগ সম্পৰ্কত অভিযুক্ত কৃষ্ণই জেৰাৰ সময়ত আত্মপক্ষ সমর্থনৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যর্থ হয়।

ইয়াৰ ভিত্তিতে পৰৱর্তী পর্যায়ত অভিযুক্ত কৃষ্ণক গ্রেপ্তাৰ কৰি যােৱা ১৬ অক্টোবৰত আদালতত হাজিৰ কৰাই এসপ্তাহৰ বাবে চি আই ডিয়ে জিম্মাত বিচাৰে। দুয়ােপক্ষৰ শুনানিৰ অন্তত আদালতে ধৃত অভিযুক্তজনক ছদিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰে; কিন্তু অভিযুক্তজনৰ শিৰত দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ আশীর্বাদ থকা হেতুকে সংশ্লিষ্ট গােচৰৰ তদন্ত প্রক্রিয়াত তদন্তকাৰী সংস্থাটোক সহযােগ কৰাৰ পৰাও বিৰত থাকে।

বিগত ছদিনৰ অধিকাংশ সময় মৌনতা অৱলম্বন কৰা এছ পি কৃষ্ণৰ অসহযােগিতাৰ বাবে সংশ্লিষ্ট গােচৰৰ তদন্ত প্রক্রিয়া ক্ৰমাৎ লেহেমীয়া হৈ পৰে। বিশেষকৈ প্রশ্নকাকত ফাদিলৰ বিনিময়ত দালাল চক্ৰৰ পৰা দুটা কিস্তিত আগধন হিচাপে গ্ৰহণ কৰা নগদ ৪০ লাখ টকাৰ কোনাে শুংসূত্রই নিদিলে ধৃত এছ পিজনে। ইয়াৰ ভিত্তিতে ধৃত এছ পিজনক পুনৰ জিম্মাত বিচাৰি আদালতত আবেদন দাখিলৰ বাবে প্রস্তুতি চলায় তদন্তকাৰী সংস্থাটোৱে।

তদন্তকাৰী সংস্থাটোৱে চলােৱা এই প্রস্তুতিৰ বিষয়ে অৱগত হােৱাৰ পাছতে দিছপুৰৰ প্ৰভাৱশালী চক্ৰটোৱে অভিযুক্ত কৃষ্ণক দ্বিতীয়বাৰৰ বাবে সংশ্লিষ্ট গােচৰত জিম্মাত নল’বলৈ চি আই ডিক হেঁচা দিয়ে। ফলত বুধবাৰে জিম্মাৰ ম্যাদ অন্ত পৰাত আদালতত হাজিৰ কৰাই ধৃত কৃষ্ণক পুনৰ জিম্মাত বিচৰাৰ পৰা চি আই ডি বিৰত থাকে। পাছত দুয়ােপক্ষৰ শুনানিৰ অন্তত ধৃত কৃষ্ণক ছদিনৰ বাবে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি সূত্ৰটোৱে জনায়। উল্লেখ্য যে যােৱা ১৫ অক্টোবৰত এক নির্দেশনাযােগে ৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক তত্ত্বালে কার্যকৰী হােৱাকৈ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে চাকৰিৰ পৰা নিলম্বন কৰে। দৈনিক অগ্রদূত’ৰ আগত এই কথা সদৰী কৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠীয়ে।

জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব সঞ্জীত কৃষ্ণ

প্রশ্নকাকত ফাদিলৰ ঘটনাৰে প্রত্যক্ষ যােগসূত্র থকাৰ অভিযােগত গ্রেপ্তাৰ হােৱা এছ পি কৃষ্ণই ইতিপূর্বে দাখিল কৰা জামিন আবেদন কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে নাকচ কৰে। ইয়াৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত জামিন সম্পর্কীয় নির্দেশনা প্রত্যাহ্বান জনাই ধৃত কৃষ্ণই শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব। ইয়াৰ বাবে ইতিমধ্যে যাৱতীয় প্রক্রিয়া আৰম্ভ কৰা বুলি অধিবক্তাই জনায়।

জামিন বিচাৰি মুখ থেকেচা অভিযুক্তৰ

প্রশ্নকাকত ফাদিলৰ গােচৰত জামিন বিচাৰি এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে অভিযুক্ত তথা “থেংক ইউ’ লজৰ অন্যতম স্বত্বাধিকাৰী অলকেশ বৈশ্যই। নীতিবহির্ভূতভাৱে হাতে লিখা প্রশ্নকাকতৰে আৰক্ষী উপ- পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযােগত গ্রেপ্তাৰ হােৱা বৈশ্যই মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানাত ৰুজু হৈ থকা ১৩/২০২০ নম্বৰ গােচৰত জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। পাছত দুয়ােপক্ষৰ শুনানি গ্রহণ কৰি বর্তমানে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা অভিযুক্ত বৈশ্যৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। শুনানিৰ অন্তত অধিবক্তাই এই কথা সদৰী কৰে।

Exit mobile version