কৃষি আইনক লৈ বাকযুদ্ধত লিপ্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দ সিং

kejru 1477298648

কৃষি আইনক কেন্দ্ৰ কৰি দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বাকযুদ্ধই তুংগত উঠিছে । কৃষি আইনৰ সন্দৰ্ভত কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে অমৰিন্দৰ সিঙে এই প্ৰসংগত বিৰোধীয়ে দুমুখীয়া ভুমিকা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে ।

উল্লেখযোগ্য যে সংবাদ মাধ্যমৰ আগত অমৰিন্দ সিঙে কয় যে কেন্দ্ৰৰ কৃষি আইন কেইখন অকাৰ্যকৰী কৰাৰ বাবে বিধানসভাত গৃহীত কৰা বিধেয়ক কেইখনক সমৰ্থন জনাইছিল আকালী আৰু আপে । অমৰিন্দ সিঙৰ এই মন্তব্যৰ পাছতে টুইটাৰ জৰিয়তে কেজৰিৱালে মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী সিঙে নাটক কৰি জনসাধাৰণক মূৰ্খ সাজিছে আৰু তেওঁলোকক প্ৰতাৰণা কৰিছে ।

ইপিনে কেজৰিৱালৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত অমৰেন্দ্ৰ সিঙে কয় যে আপ নেতাৰ এই মন্তব্যক লৈ আশ্বৰ্য হোৱা নাই, কিয়নো দিল্লী পূৰ্ণ ৰাজ্য নহয় । উল্লেখ্য যে বিগত দিনত লোকসভাত কেন্দ্ৰৰ কৃষি আইনক লৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

এই আইনক বিৰোধ কৰাৰ কাৰণে একাংশ নেতাক লোকসভাৰ পৰাও বহিস্কৃত কৰিছিল ৷ যাৰ কাৰণে সমগ্ৰ নিশা সংসদৰ সন্মুখত প্ৰতিবাদ কৰিছিল সংসদৰ পৰা বহিস্কাৰ হোৱা নেতাসকলে ৷ আনহাতে পাঞ্জাৱ হাৰিয়ানাতো কৃষি আইনক লৈ ৰাহুল গান্ধীয়ে ৰেলীত অংশ লৈছিল ।

Exit mobile version