চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰঃ এজনক গ্ৰেপ্তাৰ

WhatsApp Image 2020 10 22 at 12.23.00 PM

চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰঃ এজনক গ্ৰেপ্তাৰ

চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ছাপাগুৰিত চিৰাং আৰক্ষী আৰু এচ এচ বিৰ যৌথ অভিযানত ড্ৰাগছসহ বিজনীৰ কাৱাটিকাৰ ছানোৱাৰ ৰহমান(২৪) নামৰ লোক জনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা ৩০ ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ জব্দ কৰে ।

লগতে আৰক্ষীয়ে ছানোৱাৰ ৰহমানৰ পৰা এটা মোবাইল ফোন, দুটা ছিৰিঞ্জ, নগদ ৫০০/ টকা, এএচ ১৯ এম ৩৩৯৩ জব্দ কৰে । চিৰাং জিলা (সদৰ)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত চলা অভিযানত বুধবাৰে নিশা এইসমূহ ড্ৰাগছ জব্দ কৰাৰ লগতে ছানোৱাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা চিৰাং জিলাত আৰক্ষীয়ে ধাৰাবাহিক ভাবে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব‍্যাহত ৰাখিছে । ইপিনে বহু পৰিমাণৰ ড্ৰাগছৰ সৈতে কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । কিন্তু ইয়াৰ পাছতো জিলাখনত নতুন নতুন পন্থাৰে ড্ৰাগছৰ ব‍্যৱসায় অব‍্যাহত ৰখা পৰিলক্ষিত হৈছে ।

Exit mobile version