পৰম্পৰাগত বিধি অনুসৰি আজি তেজপুৰত শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ পূজা আৰম্ভ হোৱাৰ লগতে মণ্ডপে মণ্ডপে চলিল আয়োজক সমিতিৰ বিষয়ববীয়া সকলৰ ৰেপিড এন্টিজেন টেষ্ট ৷ আজিৰে পৰা তেজপুৰৰ প্ৰায় সংখ্যক মণ্ডপত আৰম্ভ হ’ল সিংহবাহিনী দশভূজাৰ পূজা ৷
দেশ তথা ৰাজ্যৰ লগতে তেজপুৰৰ বিভিন্ন দুৰ্গাপূজা মণ্ডপলৈ আজি পুৱাই অনা হ’ল দেৱীৰ মৃণ্ময় প্ৰতিমা ৷ অৱশ্যে বহুসংখ্যক পূজা স্হলীলৈ বুধবাৰে মৃন্ময় প্ৰতিমা সমূহ অনা হৈছিল ৷ অৱশ্যে এইবাৰ কৰ’নাৰ ভয়াবহতাৰ বাবেই তেজপুৰৰ বহুসংখ্যক পূজাস্হলীত কেৱল নৱমীৰ দিনটোতহে ঘট পূজা অনুষ্ঠিত হ’ব ৷
ইপিনে, তেজপুৰৰ ১৫৭বছৰীয়া মুখাৰ্জী শ পৰিয়ালৰ পূজালৈ পৰম্পৰা অনুসৰি কান্ধত কঢ়িয়াই অনা হ’ল দশভূজাৰ মৃন্ময় প্ৰতিমা ৷ শংখ উৰুলি ধ্বনি আৰু নৃত্যৰে আদৰা হ’ল দেৱী দুৰ্গাক ৷ ইপিনে তেজপুৰৰ শইকীয়া চুবুৰী ৰাজহুৱা পূজা থলীত ষষ্ঠী পূজাৰ দিনটোত দেখা গ’ল আনন্দৰ পৰিবেশ ৷ কিন্তু কৰ’না কালৰ এই পূজা থলীত ষষ্ঠীৰ দিনটোত চলিল পূজাৰ আয়োজক সমিতিৰ বিষয়ববীয়া সকলৰ কৰ’নাৰ পৰীক্ষা ৷
ৰেপিড এন্টিজেন টেষ্ট কৰি চৰকাৰী নিৰ্দেশ অনুসৰি কৰা হ’ল কৰ’না সংক্ৰমণৰ প্ৰতিৰোধ ব্যৱস্থা ৷ একেদৰেই তেজপুৰৰ বহুকেখন পূজা মণ্ডপত কৰা হ’ল এই পৰীক্ষা ৷ তেজপুৰত ইতিমধ্যেই পূজাৰী সকলে আগতীয়াকৈ সম্পন্ন কৰিছে এই পৰীক্ষা ৷