দুখবৰঃ অক্সফ’ৰ্ডৰ কৰ’নাৰ ভেকচিন পৰীক্ষণত এজন স্বেচ্ছাসেৱকৰ মৃত্যু

22vaccine

সমগ্ৰ বিশ্ব কৰ’নাৰ কৰাল গ্ৰাসত ডুব গৈছে ৷ সমগ্ৰ বিশ্ববাসীয়ে সম্প্ৰতি কৰ’নাৰ ভেকচিন কেতিয়া উপলব্ধ হ’ব সেই সন্দৰ্ভত আশাৰে বাট চাই আছে । ইয়াৰ মাজতে আহিছে বিশেষ দুখবৰটো ৷ কাৰণ বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ছুইডেনৰ AstraZeneca ভেকচিনটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ক্লীনিকেল ট্ৰায়েলত ব্ৰাজিলৰ এজন স্বেচ্ছাসেৱকৰ মৃত্যু ঘটিছে ।

অৱশ্যে এই সন্দৰ্ভত কোনো বিতং তথ্য এতিয়াও প্ৰকাশ কৰা নাই ব্ৰাজিল কৰ্তৃপক্ষই । আৰু ইয়াৰ পিছতো ব্ৰাজিল কৰ্তৃপক্ষই ব্ৰাজিলত ভেকচিনটোৰ ট্ৰায়েল অব্যহাত থাকিব বুলি প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে অক্সফোৰ্ডৰ ভেকচিনটোৰ ট্ৰায়েলত ব্ৰিটেইনৰ এগৰাকী স্বেচ্ছাসেৱকৰ শৰীৰতো পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ পাছতে ভাৰতকে ধৰি ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা, আমেৰিকা আদি কৰি বহুকেইখন দেশত ভেকচিনটোৰ ট্ৰায়েল স্থগিত ৰখা হৈছিল।

Exit mobile version