নীলাচলৰ ভুৱনেশ্বৰী মন্দিৰৰ সমীপত বাঘৰ মুক্ত বিচৰণ

WhatsApp Image 2020 10 22 at 7.48.18 PM

নীলাচল পাহাৰৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ পৰা ভুৱনেশ্বৰী মন্দিৰ সংযোগী পথত আৰু কাষৰীয়া অঞ্চলত বিগত দিনকেইটাত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণে অঞ্চলবাসীক শংকিত কৰি তুলিছে । অঞ্চলটোৰ এটা পৰিয়ালৰ চিচি টিভিত যোৱা ২০ অক্টোবৰৰ মাজনিশা বাঘৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী হয়। একেদৰে বুধবাৰে সন্ধিয়াও প্ৰায় ৭ মান বজাত ভুৱনেশ্বৰীৰ পৰা চাৰিচকীয়া বাহনত অহা কোনো লোকে ভুৱনেশ্বৰী মন্দিৰ সংযোগী পথত মুক্তভাৱে বিচৰণ কৰি থকা নাহৰফুটুকীৰ ফটোসহ ভিডিঅ’ মবাইলত বন্দী কৰিবলৈ সক্ষম হৈছে ।

প্ৰাপ্ত তথ্য মতে এই পৰ্যন্ত বাঘে কাকো আক্ৰমণ কৰা নাই যদিও অঞ্চলটোৰ বাসিন্দা সকল শংকিত হৈ পৰিছে । স্থানীয় লোকৰ মতে, ভুৱনেশ্বৰী মন্দিৰৰ ওচৰত বাঘৰ বসতি আছে আৰু কিছুদিন পূৰ্বে তাত পোৱালীও জন্ম দিছে । পূৰ্বতে কামাখ্যা মন্দিৰলৈ অহা ভক্তই ছাগলী এৰি দিছিল । সেই ছাগলীৰ একাংশক বাঘে খাদ্য হিচাপে গ্ৰহণ কৰিছিল । কিন্তু যোৱা মাৰ্চ মাহত তলাবন্ধ আৰম্ভ হোৱাৰ পিছত প্ৰায় সাত মাহ ধৰি মন্দিৰ বন্ধ থকাত স্বাভাৱিকতে বাঘে খাদ্য সংকটত ভুগি জনাঞ্চললৈ ওলাই অহা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

Exit mobile version