মহানগৰীত আবকাৰী বিভাগৰ অভিযান: চুলাইৰ ভাটি উচ্ছেদ

WhatsApp Image 2020 10 22 at 7.48.18 PM 1

মহানগৰী গুৱাহাটীত আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আজি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই ধীৰেনপাৰাৰ পাহাৰীয়া অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ভাটিত এক অভিযান চলায় ।

অভিযানকাৰী দলটোৱে চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত চাৰি হাজাৰ লিটাৰ পাছ, প্ৰায় ১০০ লিটাৰ চুলাই মদ, ১৮ টা ড্ৰাম , আৰু ৪ টা সা- সঁজুলি জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে উক্ত অভিযানৰ উমান পাই চুলাই মদ প্ৰস্তুতৰ লগত জড়িত লোকসকল পলাই যাবলৈ সক্ষম হয় ।

Exit mobile version