হাওঁফাওঁৰ লগতে দুর্বল  হৈছে দৃষ্টিশক্তি 

coronaimg

এইবাৰ মানুহৰ মগজুৰ স্নায়ু পর্যন্ত আক্রমণ কৰিবলৈ সক্ষম হৈছে কৰ’না ভাইৰাছে। নতুন দিল্লীস্থিত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ৰ দ্বাৰা প্রকাশিত এক প্রতিবেদনত এই দাবী কৰা হৈছে। সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখনত সম্প্রতি কৰ’না আক্রান্ত এগৰাকী কিশােৰীৰ চিকিৎসাৰ সময়ত এই কথা পােহৰলৈ আহে । কৰ’না আক্রান্ত ১১ বছৰ বয়সীয়া কিশােৰীগৰাকীৰ শৰীৰতএকিউট ডিমায়েলিনেটিং চিনড্রম (এ ডি এছ) ধৰা পৰিছে । ফলত কিশােৰীগৰাকীৰ মগজুৰ স্নায়ু ক্ষতিগ্রস্ত হয় ।

ইয়াৰ প্ৰভাৱত কিশােৰীগৰাকীৰ দৃষ্টি শক্তিও হ্রাস পায় । এনে ধৰণৰ ঘটনা এয়াই প্রথমবাৰলৈ হােৱা বুলি দাবী কৰা হৈছে এইমছৰ প্রতিবেদনত । এইমছৰ স্নায়ুৰােগ বিভাগৰ চিকিৎসকসকলে কিশােৰীগৰাকীৰ শাৰীৰিক অৱস্থা সন্দৰ্ভতাে এটি টোকা প্রস্তুত কৰিছে । অতি শীঘ্ৰে এই টোকা প্রকাশ কৰা হ’ব। মগজুৰ স্নায়ুবিলাক সাধাৰণতে ‘মায়লিন’ নামৰ এটি আৱৰণৰ মাজত সুৰক্ষিত অৱস্থাত থাকে।

মায়লিনৰ দ্বাৰা মগজুৰ বার্তা দ্রুতভাৱে শৰীৰৰ আন অংগলৈ প্ৰেৰিত হয়, কিন্তু এডি এছৰ প্রভাৱত মায়লিন ক্ষতিগ্রস্ত হয় । ই মগজুৰ বার্তা শৰীৰৰ আন অংগলৈ যােৱাত বাধা প্রদান কৰে । তদুপৰি স্নায়ৱিক কার্যকলাপৰ ভিতৰত দৃষ্টি আৰু পেশী সঞ্চালনতাে সমস্যাৰ সৃষ্টি কৰে । এইমছৰ শিশু স্নায়ু বিভাগৰ মুৰব্বী ডাঃ শেফালি গুলাটিয়ে জনােৱা অনুসৰি দুর্বল দৃষ্টিশক্তি লৈ কিশােৰীগৰাকী এইমছত ভর্তি হৈছিল। এম আৰ আই কৰাৰ পাছত এ ডি এছ ধৰা পৰে ।

এডি এছৰ দ্বাৰা কিশােৰীগৰাকীৰ মগজুৰ লগতে হাওঁফাওঁৰাে ক্ষতি হৈছে । কৰনাৰ ফলতে এনে হােৱা বুলিও চিকিৎসক ডাঃ গুলাটিয়ে দাবী কৰিছে। সমগ্র বিষয়টো লৈ নতুনকৈ এখন প্রতিবেদন প্রস্তুতৰ বিষয়ে সদৰী কৰে ডাঃ গুলাটিয়ে । সম্প্রতি এইমছতে কিশােৰীগৰাকীৰ চিকিৎসা চলি আছে । ইমিউন’ থেৰাপিৰ পাছত কিশােৰী গৰাকীৰ শৰীৰৰ অৱস্থা কিছু উন্নত হৈছে। দৃষ্টিশক্তি প্রায় ৫০ শতাংশ উভতি অহাৰ কথাও জনাইছে এইমছৰ তৰফৰ পৰা।

Exit mobile version