অন্য এক ব্যতিক্ৰমী ৰূপত এইবাৰ সজাই তোলা হৈছে কলকাতাৰ দুৰ্গা পূজাৰ মণ্ডপ

WhatsApp Image 2020 10 23 at 5.18.50 PM

দুৰ্গাপূজাৰ মণ্ডপ আৰু দেৱীৰ প্ৰতিমাক আকৰ্ষণীয় কৰি তোলাত কেতিয়াও ব্যর্থ হোৱা নাই আনন্দৰ নগৰী । কলকাতাত বিশাল আয়োজনেৰে দুৰ্গোৎসৱ উদযাপন কৰে যদিও এইবাৰ অলপ ব্যতিক্ৰমী ৰূপেৰে দুৰ্গা পূজাৰ মণ্ডপ সজাই তোলা হৈছে ।

যদি আপুনি দূৰৰ পৰা লক্ষ্য কৰে, তেন্তে চাদৰ কিছু ভগ্ন অংশ, ভগা দুৱাৰ-খিৰিকীহে দেখিবলৈ পাব । কিন্তু এয়া বাস্তৱ ৰূপত নহয়, এইবাৰ কলকাতাৰ দুৰ্গাপূজাৰ মণ্ডপত এনে এক ৰূপতে দেখিবলৈ পাব ।

প্ৰকৃততে, জুন মাহৰ আৰম্ভণীতে কলকাতাকে ধৰি বহু স্থানত বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা আম্ফানৰ ওপৰত আধাৰিত কৰি পূজা মণ্ডপটোক আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে ।

উল্লেখ্য যে, এই বৰ্ষৰ সকলোতকৈ ভয়ংকৰ দুৰ্যোগৰ ভিতৰত অন্যতম আম্ফানে পশ্চিম বংগত ১২ জনতকৈ অধিক লোকৰ প্ৰাণ লোৱাৰ লগতে হাজাৰৰো অধিক লোকৰ বাসগৃহ ধ্বংস কৰিছিল । কৰ’নাৰ আতংকৰ সময়তে নিজকে ৰক্ষা কৰিবলৈ আম্ফানৰ লগত যুজঁ দিছিল ক্ষতিগ্ৰস্তৰ সন্মূখীন হোৱা লোকসকলে ।

Exit mobile version