কেৱল বিহাৰত বিনামূলীয়া প্ৰতিষেধক ! বিজেপিৰ প্ৰতিশ্ৰুতিক লৈ ৰাজনীতি

coronavaccine1.v1

কৰনাৰ প্রতিষেধক আৱিষ্কাৰলৈ ভাৰতে এতিয়াও বহুদূৰ বাট যাব লাগিব। কৰনাৰ স’তে যুঁজি বিপর্যস্ত হােৱা দেশত প্রতিষেধক এই পর্যন্ত উপলব্ধ হােৱা নাই যদিও ইয়াকে লৈ আৰম্ভ হৈছে ৰাজনীতি। বিহাৰত বিজেপিয়ে বিনামূলীয়া প্রতিষেধক যােগান ধৰিব বুলি ৰাজ্যখনৰ নির্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা ঘােষণাই ৰাজনৈতিক মহলত বিতর্ক জোৱাৰ তুলিছে ।

নির্বাচনৰ প্ৰাকমুহূর্তত  বিজেপিয়ে সকলােৰে বাবে বিনামূলীয়া প্রতিষেধক এই প্রতিশ্রুতি প্রদান কৰে । শাসক দলে প্রতিষেধকক ৰাজনৈতিক কর্মসূচীৰ টোপৰূপে ব্যৱহাৰ কৰা বুলি বিতর্ক সৃষ্টি হৈছে । অৱশ্যে বিজেপিয়ে এই অভিযােগ নস্যাৎ কৰিছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাণে  বিহাৰ নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ ঘােষণা কৰি কয় যে ক’ভিড-১৯ প্রতিষেধক বৃহৎ পৰিমাণত উপলব্ধ হােৱাৰ লগে লগে বিহাৰৰ প্ৰতিজনে সেয়া বিনামূলীয়াকৈ লাভ কৰিব।

ইয়াৰ পাছতে তামিলনাড়ুত বিজেপিৰ সহযােগী এ আই এ ডি এম কেই একে ধৰণৰ ঘােষণা কৰে। ৰাজ্যৰ মুখ্যমন্ত্রী ই পালানিস্বামীয়ে আজি ঘােষণা কৰে যে ক’ভিড প্রতিষেধক সাজু হােৱাৰ পাছতে ৰাজ্যৰ প্ৰতিজন লােককে বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব। বিজেপিৰ এই ঘােষণাই বিৰােধীৰ মাজত বিতৰ্কৰ জোৱাৰ তুলিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰত কয়, ‘চৰকাৰে ভাৰতৰ বাবে প্রতিষেধক উপলব্ধৰ কৌশল অলপতে ঘােষণা কৰিছে। অনুগ্রহ কৰি ৰাজ্যভিত্তিক নির্বাচনী সূচীলৈ লক্ষ্য ৰাখক, আপুনি কেতিয়া লাভ কৰিব সেয়া গম পাব। তদুপৰি লগতে পাব এসােপা ভুল প্রতিশ্রুতিৰ টোপােলা। আম আদমী পার্টিৰ অৰবিন্দ কেজৰিৱালে প্রশ্ন কৰে, ‘অবিজেপি শাসিত ৰাজ্যসমূহৰ কি হ’ব? যিসকল ভাৰতীয়ই বিজেপিক ভােট দিয়া নাই তেওঁলােকে প্রতিষেধক নাপাব নেকি?

বিহাৰ প্ৰসংগত প্রত্যুত্তৰ দি কেন্দ্রীয় ৰাজ্যিক স্বাস্থ্যমন্ত্রী অশ্বনী ডুবেই কয়, ‘বিশ্বজুৰি কৰনাৰ প্রতিষেধক প্রস্তুত কৰা হৈছে। ই প্রস্তুত হলে, প্রতিষেধক বিতৰণৰ বাবে আমি এক বিতং পৰিকল্পনা প্রস্তুত কৰিছাে। কাক অগ্রাধিকাৰ দিয়া হ’ব আদি পৰিকল্পনা কৰা হৈছে। প্ৰতিখন ৰাজ্যকে বিনামূলীয়াকৈ কৰনাৰ প্রতিষেধক দিয়া হ’ব।

ছ’চিয়েল মিডিয়াত তীব্র বিতর্ক অৱশ্যে ইয়াৰ পাছতাে লগ এৰা নাই কংগ্ৰেছ সাংসদ আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী শশী থাৰুৰে টুইটাৰত কয়, ‘মােক ভােট দিয়ক, মই আপােনালােকক প্রতিষেধক দিম । নির্বাচন আয়ােগে তেওঁক আৰু তেওঁক নির্লজ্জ চৰকাৰক শাস্তি দিবনে?’

নেচনেল কনফাৰেঞ্চৰ নেতা ওমৰ আব্দুল্লাই সমালােচনা কৰি প্রশ্ন কৰে, ‘বিজেপিয়ে দলীয় কোষাগাৰৰ পৰা এই প্রতিষেধকৰ মূল্য আদায় দিব নেকি? যদি চৰকাৰী কোষাগাৰৰ পৰা অহা ধন হয় তেন্তে বিহাৰে কিদৰে বিনামূলীয়া প্রতিষেধক লাভ কৰিব আৰু বাকী দেশে মূল্য আদায় দিব লাগিব ।’

তাৎক্ষণিকভাৱে বিহাৰৰ বিজেপি নেতা ভুপিন্দৰ যাদৱে প্রতিক্রিয়া প্রকাশ কৰি কয় যে প্রতিষেধক বিনামূলীয়া নহ’ব, সামান্য মূল্য আদায় দিব লাগিব। অৱশ্যে এই ব্যয় ৰাজ্যসমূহে বহন কৰিব লাগিব। বিত্তমন্ত্রী সীতাৰমণৰ ভাষ্য বিকৃত কৰাৰ চেষ্টা চলিছে বুলি মন্তব্য কৰি তেওঁ কয়, সকলাে দলে ইস্তাহাৰ মুকলি কৰে। সকলাে ভাৰতীয়ৰ বাবে সামান্য মূল্যত প্রতিষেধক উপলব্ধ হ’ব। ৰাজ্যসমূহে ইয়াক বিনামূলীয়া কৰিব পাৰে। বিহাৰত আমি কৰিম।

Exit mobile version