দুৰ্গোৎসৱৰ দ্বিতীয় দিনটোতো উৎসাহ-উদ্দীপনাহীন পৰিৱেশ

IMG 20201023 WA0005

আজি মহাসপ্তমী । সমাজৰ পৰা দুস্কৃতি, অশান্তি, অয়ুসা বিনাশৰ কামনাৰে উদযাপন কৰি অহা দুৰ্গোৎসৱৰ আজি দ্বিতীয় দিনটোতো যেন ৰাইজৰ মাজত নাই উৎসাহ-উদ্দীপনা । শিৱসাগৰ জিলাৰ গৌৰীসাগৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল চাৰিং, ভটীয়াপাৰ, খনামুখ, হাতীঘূলি, দিখৌমুখ, ম’ৰাবজাৰ, জাঁজী, ফুলপানীছিগা আদি অঞ্চল সমূহত উৎসাহহীন পৰিৱেশৰ মাজেৰে পাৰ হ’ল দ্বিতীয়টো দিন ।

কৰ’নাতংক আৰু চৰকাৰে বান্ধি দিয়া বিধি অনুসৰি এইবাৰ পূজা সমিতি সমূহেও অনুষ্টুপীয়াকৈ কেৱল দুৰ্গোৎসৱৰ পৰম্পৰাহে ৰক্ষা কৰা পৰিলক্ষিত হৈছে । সেয়ে দুৰ্গোৎসৱৰ স্থলী সমূহত পূৰ্বৰদৰে নাই জাকজমকতা ।

উল্লেখ্য যে ইয়াৰ ভটীয়াপাৰত বিগত বৰ্ষৰ দৰে পূজা সমিতি সমূহে দুৰ্গোৎসৱ উদযাপন অনুষ্টুপীয়াকৈ কৰাই নহয় একাধিক পেণ্ডেলত প্ৰতিমাৰ পৰিৱৰ্তে অংকিত ফ্লেক্স আঁৰিহে পৰম্পৰা ৰক্ষা কৰিব লগা হৈছে । পূজা মণ্ডপ সমূহৰ বাহিৰত জনসাধাৰণৰ উপস্থিতি নিচেই সেৰেঙা হোৱা পৰিৱেশক লৈ হতাশা বিৰাজমান হৈছে পূজা সমিতিৰ ভিতৰচ’ৰাত ।

উল্লেখ্য যে প্ৰশাসনৰ নীতি নিৰ্দেশনা অনুসৰি পূজাত বিক্ৰী হোৱা খেলা সামগ্ৰীৰ বিপনীৰ সংখ্যাও শূণ্য । একাধিক ব্যৱসায়ীয়ে পূৰ্বৰ ব্যৱসায় প্ৰতিষ্ঠানতে দুই-এপদ খেলা-সামগ্ৰী বিক্ৰীৰ বাবে ৰাখিলেও সামগ্ৰী সমূহ বহিঃৰাজ্যৰ পৰা অহাৰ সন্দেহতে শিশু সকলৰ হাতত তুলি দিয়াত থমকি ৰ’ব লগা এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে অভিভাৱক সকল ।

Exit mobile version