পূজাৰ বিশেষ

deepleena 1

“প্রথমে ৰাইজলৈ শাৰদীয় শুভকামনা জ্ঞাপন কৰাৰ সমান্তৰালভাৱে দুর্গতিনাশিনী মা দুর্গাই যাতে ৰাজ্যখনৰ পৰা অপায়-অমংগল দূৰ কৰি শান্তি-সম্প্রীতিৰ বাতাবৰণ সৃষ্টি হয় তাৰে প্রার্থনা জনাইছাে । দুর্গা পূজা বুলি ক’লে সৰুৰে পৰা মনত বুজাব নােৱাৰা এক অনাবিল আনন্দ। কিন্তু সম্প্রতি ক’ভিড পৰিস্থিতিত অন্য বৰ্ষৰ তুলনাত প্ৰথমবাৰৰ বাবে ব্যতিক্রমী ৰূপত এই বৰ্ষত শাৰদীয় দুর্গোৎসৱ পালন কৰিব ৰাজ্যবাসীয়ে। আশা কৰাে বিঘ্নবিনাশিনীয়ে এই মহামাৰী নিঃশেষ কৰি দেশত পুনৰ পূৰ্বৰ পৰিৱেশ ঘূৰাই আনি সকলােৰে মংগল কৰিব ।

“এইবাৰ দুর্গা পূজা কিছু সুকীয়া আৰু মােৰা অনুভৱ কিছু সুকীয়া। কিয়নাে সৰুৰে পৰা এই পূজাৰ লগত এক এৰাব নােৱাৰা স্মৃতি জড়িত হৈ আছে । মা-দেউতা, পৰিয়ালৰ লগত ওলাই যাওঁ, বেলুন কিনাে, জেলেপি খাওঁ, আটকধুনীয়াকৈ সাজি উলিওৱা বিভিন্ন পূজা মণ্ডপসমূহ চাওঁ । সাধাৰণতে মই এই সময়ছােৱাত কোনাে ধৰণৰ কাৰ্যসূচী হাতত নলওঁ । পূজাৰ সময়ত প্ৰায়ে পৰিয়ালৰ লগত মই সম্পূর্ণ সময় অতিবাহিত কৰি আহিছাে । এইবাৰাে ইয়াৰ ব্যতিক্রম নহয় । কিন্তু পূর্বৰ দৰে এই বর্ষত পূজাৰ মাদকতা উপভােগ কৰিবলৈ সময়ে হয়তাে সুবিধা নিদিব । কাৰণ পৰিৱেশ এইবাৰ সম্পূর্ণ পৃথক। সেয়েহে সকলােকে স্বাস্থ্যবিধি মানি পূজা উপভােগ কৰিবলৈ মই আহ্বান জনাইছো ।”

“এইবাৰ পূজাৰ লগত সংগতি ৰাখি মই এটা গীত মুকলি কৰিছাে । ইতিমধ্যে মােৰ ইউটিউব চেনেলত গীতটো উপলব্ধ হৈছে। ‘মা দুর্গা’ শীর্ষক গীতটোৱে ইতিমধ্যে সমাদৰ লাভ কৰিছে । মই আশাবাদী ৰাইজে এই গীতটো আঁকোৱালি ল’ব আৰু সমূহ পূজা মণ্ডপে মণ্ডপে গীতটো শ্ৰোতাৰ কাণত পৰিব।”

“অন্য বছৰৰ দৰে এইবাৰ পূজাত মােৰ কোনাে নির্দিষ্ট পৰিকল্পনা নাই যদিও পৰিৱেশ পৰিস্থিতি চাই পৰিয়াল, বন্ধুবৰ্গৰ স’তে দুর্গা পূজা উপভােগ কৰিম বুলি মনত আশা পুহি ৰাখিছাে । বিশেষকৈ পূজাৰ জেলেপি মােৰ বৰ প্রিয় । যিহেতু আমি সকলােৱে পূজা চাবলৈ ওলাই যাম যদিও মুখত মাস্ক, সামাজিক দূৰত্ব আদি নিয়ম পালন কৰিবলৈ পাহৰি গ’লে নহ’ব । আমি সকলােৱে ইজনে সিজনক সুৰক্ষা প্রদান কৰি এইবাৰ পূজা উপভােগ কৰিব লাগিব আৰু আশাকৰাে সকলােৱে এই ক্ষেত্ৰত সহযােগিতা কৰিব । শেষত মা দুর্গাৰ ওচৰত সকলােৰে মংগল কামনা কৰি অনাগত দিনসমূহ সুখকৰ হওক তাকে প্রার্থনা কৰিলাে । আটাইলৈ ষষ্ঠীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি জগত জননী- দুর্গতিনাশিনীৰ কৃপাত ৰাজ্যখন সকলাে দিশত সমৃদ্ধিশালী হােৱাৰ কামনা কৰিলাে।”

Exit mobile version