পূজাৰ বিশেষ

prastuti 1

সকলোলৈকে শাৰদীয় শুভেচ্ছা জনালো ৷ আধ্যাত্মিকতাৰ মাজতে এইবাৰ দুৰ্গা পূজা অনুষ্ঠিত হ’ব ৷ মা দুৰ্গাই মানৱ জাতিৰ দুৰ্গতি সময়বোৰ নিঃশেষ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছো । এই সময়ছোৱাত সকলোৱে সাৱধানতা অৱলম্বন কৰি পূজা উপভোগ কৰক। পূজাৰ মাজতে নিজকে হেৰুৱাই নেপেলাবলৈ সকলোৰে প্ৰতি মোৰ আহ্বান ।

এইবাৰৰ পূজাক লৈ মোৰ কোনো বিশেষ পৰিকল্পনা নাই । কিন্তু পূৰ্বৰ তুলনাত পৰিয়ালক এই সময়ছোৱাত অধিক সময় দিবলৈ সক্ষম হ’ম । বহুদিনৰ বিৰতিৰ মূৰত পৰিয়ালৰ লগত থাকিবলৈ পাম ।কাৰণ মই এই বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰত নাই । মোৰ কাৰণে এইয়া ভাল লগা সময় । কাৰণ কামৰ পৰা আঁতৰি পৰিয়ালৰ লগত পূজাৰ সময়ছোৱাত একেলগে থাকিম । পূজা বুলি ক’লেই যোৰহাটৰ সময়খিনি মোৰ মনলৈ বেছিকৈ আহে । সকলোৰে সৰুকালৰ স্মৃতিবোৰ মনলৈ আহে । নতুন কাপোৰ লোৱা, পূজাৰ মণ্ডপ চোৱা, মানুহৰ সমাগম, পৰিয়ালৰ লগতে হাঁহি ধেমালি আদিৰ দিনবোৰৰ স্মৃতি আজিও মনলৈ আহে।

পূজাৰ সময়ছোৱাত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰত আমি ব্যস্ত হৈ থাকো । নামনি অসমত এই সময়ছোৱাত থিয়েটাৰৰ ভৰপক সময় । কিন্তু এইবাৰ সেই পৰিবেশ নাই । পৰিয়ালৰ লগত সময় কটালেও সন্ধিয়া সময়ত মনটো কি দৰে বান্ধি ৰাখিম কল্পনাৰ অতীত । কিয়নো প্ৰত্যেকটো পূজা নিশা আমি তিনি-চাৰিটাকৈ দৰ্শনীত ব্যস্ত হৈ থাকো । কিন্তু এইবাৰ এই উদ্যোগটো কৰ’নাৰ বাবে বন্ধ হৈ আছে আৰু আৰ্থিকভাৱে যথেষ্ট ক্ষতি হৈছে । বিশেষকৈ পূজাৰ সময়তে আটাইতকৈ বেছি থিয়েটাৰসমূহৰ উপাৰ্জন হয় । মূল উপাৰ্জনৰ এই সময়খিনিত থিয়েটাৰ বন্ধ হৈ থকাৰ বাবে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে সকলোৱে অনুমেয় ৷ আশা কৰো মা দুৰ্গাই এই সকলো বাধা-বিধিনি নাশ কৰি সকলোৰে মংগল কৰিব তাৰে প্ৰাৰ্থনা কৰিছো ।

Exit mobile version